অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’লগৈ ছখন

pc The Hindu

আজি বিশ্ব পৰিবেশৰ দিৱসৰ দিনা, অসমৰ পূৰ্বৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ সৈতে আৰু এখন ৰাষ্ট্ৰীয় উদ্যানৰ সংযোজন হয়। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। এই বাৰ্তা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।  এতিয়া অসমত পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ ঠাইত মুঠ ৰাষ্ট্ৰীয় উদ্যান সংখ্যা হ’লগৈ ছখন। দিহিং-পাটকাই অভয়াৰণ্যখনকো ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়াৰ বাবে প্ৰস্তুতি চলি আছে আৰু ইয়াৰ পিছত অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’বগৈ সাতখন।

অনুষ্ঠানটোত অংশগ্ৰহণ কৰা পৰিৱেশ তথা বন মন্ত্ৰী পৰিমল শুক্লাবাইদ্যই জি.ডি.ডি.মন্ত্ৰী অশোক সিংঘলৰ সৈতে কয় যে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাই এই দিনটোক ৰাজ্যখনৰ বাবে এক অতি সুখৰ বাৰ্তা কঢ়িয়াই আনিছে আৰু বন্যপ্ৰাণী প্ৰেমী, প্ৰকৃতি প্ৰেমী আৰু সংৰক্ষণবিদসকলৰ বাবে এয়া The আনন্দৰ বাতৰি।