অসমত শুভাৰম্ভ এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি

pc EastMojo

  অসমত শুভাৰম্ভ এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি

অনলাইন বাৰ্ত্তাসেৱা – অসমত শুভাৰম্ভ কৰা হয় কেন্দ্ৰীয় চৰকাৰৰ এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি। মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে এই আঁচনি উদ্বোধন কৰে। এতিয়াৰে পৰা ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানত এক বিশেষ মেচিন সংস্থাপিত হ’ব আৰু উক্ত মেচিনত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নিজৰ আধাৰকাৰ্ড নম্বৰ প্ৰদান কৰিলেহে সামগ্ৰী ল’ব পাৰিব। কেৱল অসমেই নহয়, এই সুবিধা সমগ্ৰ ৰাষ্ট্ৰৰ ক্ষেত্ৰত উপলব্ধ হ’ব। অৰ্থাৎ অসমত ৰেচন কাৰ্ড থকা কোনো এজন ব্যক্তি যদি অন্য ৰাজ্যলৈও যায় কোনো অসুবিধা নোহোৱাকৈ তেওঁ সুলভ মূল্যৰ সামগ্ৰী লাভ কৰিব পাৰিব। ইয়াৰ বাবে ইলেক্ট্রনিক পইণ্ট অব ছেল ডিভাইচ নামৰ এক বিশেষ মেচিন সংস্থাপিত হ’ব সুলভ মূল্যৰ দোকানসমূহত। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ মূল উদ্দেশ্যই হৈছে হিতাধিকাৰীক খাদ্য শস্য প্ৰদান কৰা। প্ৰাপ্য খাদ্য শস্য যাতে সহজে লাভ কৰে তাৰ বাবে এই আঁচনি গ্রহণ কৰা হৈছে যদিও বিভিন্ন সময়ত ভুৱা হিতাধিকাৰীয়ে এই সুবিধা গ্ৰহণ কৰি গৈছে। এই মেচিন সংস্থাপিত হোৱাৰ লগে লগে এতিয়া ভুৱা হিতাধিকাৰী তথা ৰেচন কাৰ্ডৰ সমস্যা নাথাকিব আৰু প্ৰকৃত হিতাধিকাৰীয়েহে সুবিধা লাভ কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এই মেচিনত হিতাধিকাৰীৰ আধাৰ কাৰ্ডৰ লগতে বায়’মেট্রিক পদ্ধতিৰে তেওঁৰ সকলো তথ্য সন্নিৱিষ্ট কৰা হ’ব। পৰিয়ালৰ যিগৰাকী সদস্যৰ নামত ৰেচনকাৰ্ড আছে তেওঁৰ আধাৰকাৰ্ড আৰু বায়’মেট্ৰিক গ্ৰহণ কৰাৰ লগতে ৰেচন কাৰ্ডত নাম থকা পৰিয়ালসকলৰো আধাৰকাৰ্ড নম্বৰ সংযোজিত কৰা হ’ব। ইয়াৰ দ্বাৰা দোকানসমূহেও এতিয়াৰ পৰা জালিয়াতিৰ আশ্ৰয় ল’ব নোৱাৰিব।

(UD.)