অসমত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত তিনি হাজাৰতকৈ অধিক লোক

pc Skymet Weather

অনলাইন বাৰ্ত্তাসেৱা – দেওবাৰে সন্ধিয়া অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এ.এছ.ডি.এম.এ.) জাৰি কৰা বুলেটিনত কোৱা হৈছে যে নেৰানেপেৰা বৰষুণৰ ফলত আৰু ৰঙানাদি জলবৈদ্যুতিক প্ৰকল্প(আৰ.এইচ.ই.পি.)ৰ পৰা বান্ধৰ পানী এৰি দিয়াৰ ফলত লখিমপুৰ জিলাৰ তিনিটা ৰাজহ চক্ৰৰ ২২ খন গাঁৱৰ কমেও ৩,০৩১ জন লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও, ধেমাজি আৰু বিশ্বনাথ জিলাতো বানপানীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

বাৰিষা আৰম্ভ হোৱাৰ লগে লগে হোৱা ধাৰাবাহিক বৰষুণৰ ফলত সৃষ্টি হৈছে এই বানপানীৰ, কিন্তু জনসাধাৰণৰ মূৰৰ কামোৰনিৰ প্ৰধান কাৰণটো হৈছে অৰুণাচল প্ৰদেশৰ  য়াজালী নদীৰ ওপৰত থকা ৰঙানাদি জলবৈদ্যুতিক প্ৰকল্প (আৰ.এইচ.ই.পি.)ৰ পৰা এৰি দিয়া অতিৰিক্ত পানী।