অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮. ৪২ শতাংশলৈ বৃদ্ধি

pc- Johnson & Johnson

অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮. ৪২ শতাংশলৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮. ৪২ শতাংশলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ৩৬২ জন কোভিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই ৫ লাখ ৯৬ হাজাৰ অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ১৩ হাজাৰ ৫৪৮টা নমুনাৰ পৰীক্ষাৰ অন্তত ২০৭ জন লোকৰ দেহত ক’ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷ইয়াৰে ১০১ জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যখনত কালি সংক্ৰমণৰ হাৰ আছিল ১.৫৩ শতাংশ। ৰাজ্যখনত সম্প্ৰতি ২ হাজাৰ ২৯৯ জন চিকিৎসাধীন কোভিড ৰোগী আছে।