অসমত ক’লা ভেঁকুৰক মহামাৰী হিচাপে ঘোষণা

PC The Sentinel Assam

অনলাইন বাৰ্ত্তাসেৱা – অসম চৰকাৰে ২৫ মে’ত ক’লা ভেঁকুৰৰ সংক্ৰমণ, যাক মুকৰ্মিকোচিচ বুলিও জনা যায়, ইয়াক মহামাৰী হিচাপে ঘোষণা কৰে। মহামাৰী ৰোগ আইন, ১৮৯৭ ৰ ধাৰা ২-ৰ অধীনত মুকৰ্মাইকোচিচক এক অধিসূচনাযোগ্য ৰোগ হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে। যোৱা সপ্তাহত, এজন কোভিড-১৯ আৰোগ্য হোৱা ৰোগীৰ ক’লা ভেঁকুৰৰ সংক্ৰমণত মৃত্যু হৈছিল, বুধবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত এনেধৰণৰ প্ৰথমটো ঘটনা অসমত প্ৰতিবেদিত হৈছিল।