অসমত এতিয়া মেধাৰ ভিত্তিত যোগ্যজনেহে পাব চৰকাৰী চাকৰি: মন্ত্ৰী পীযুষ হাজৰীকা

pc. Facebook

অসমত এতিয়া মেধাৰ ভিত্তিত যোগ্যজনেহে পাব চৰকাৰী চাকৰি: মন্ত্ৰী পীযুষ হাজৰীকা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ জলসম্পদ, তথ্য, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই  বিশ্বনাথ জিলাৰ গহপুৰ অঞ্চল ভ্ৰমণ কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে | মন্ত্ৰী গৰাকীয়ে আজি পুৱাৰ ভাগত প্ৰথমতে গহপুৰ চহৰৰ মাজেৰে পাৰ হৈ যোৱা চক্ৰং নদীৰ পাৰত ১৫০০ লাখ টকা ব্যয় সাপেক্ষে গহপুৰ নগৰখনক বান সমস্যাৰ পৰা সুৰক্ষিত কৰিবৰ বাবে নিৰ্মাণ হ’ব লগা বান প্ৰতিৰোধী দেৱাল নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে | অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে বিগত সময়ত বানমুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি সপোন দেখাৰ কথা কৈছিল তাক বাস্তৱত ৰূপায়িত কৰিবলৈ আৰু তেওঁ নিজেও জলসম্পদ বিভাগৰ দায়িত্ব লৈয়েই অসমৰ বিভিন্ন প্ৰান্তত বান-খহনীয়াত আক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি যিখিনি কামৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই সকলোখিনি কাম ইতিমধ্যেই আৰম্ভ কৰা হৈছে | আনহাতে গহপুৰক বানৰপৰা ৰক্ষা কৰিবৰ বাবে ১৫ কোটি টকাৰ প্ৰকল্পৰ কাম আজি আৰম্ভ কৰাৰ কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অহা বাজেটত আৰু অধিক পৰিমাণৰ পুঁজি গহপুৰ সমষ্টিত বান নিয়ন্ত্ৰণৰ বাবে দিয়া হ’ব | বিগত সময়তো চৰকাৰে জনগণৰ কল্যাণৰ বাবে যথেষ্ট কাম কৰা বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে সহযোগিতা আগবঢ়োৱাৰ বাবে বান নিয়ন্ত্ৰণৰ দৰে কাম কৰিবলৈ বিভাগৰ এতিয়া যথেষ্ট সহজ হৈছে |ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ছয়দুৱাৰ মহাবিদ্যালয়ত গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ প্ৰচেষ্টাত আৰম্ভ হোৱা প্ৰজেক্ট চুপাৰ ৫০ শীৰ্ষক এটি প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভণি কৰে | উল্লেখযোগ্য যে এই প্ৰশিক্ষণ শিবিৰত বিধায়ক উৎপল বৰা আৰু স্থানীয় প্ৰশাসনৰ উদ্যোগত আৰক্ষী হোৱাৰ সপোন দেখা ৫০ গৰাকী স্থানীয় যুৱক যুৱতীক ১৫ দিনীয়া এক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব | নিজৰ বক্তব্যত মন্ত্ৰীগৰাকীয়ে এসময়ত অসমত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপ তথা আৰ্থিক লেনদেনে পৰিৱেশ বিষময় কৰি ৰাখিছিল বুলি উল্লেখ কৰি কয় যে বৰ্তমানৰ চৰকাৰ খন এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হোৱাত বৰ্তমানে একমাত্ৰ মেধাৰ ভিত্তিত যোগ্যজনে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে | অনাগত সময়ত চৰকাৰে যি এক লাখ চাকৰি প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে এই ক্ষেত্ৰতো দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি ৰাখি কেৱল যোগ্য জনেহে যাতে চাকৰি লাভ কৰে সেই ক্ষেত্ৰতো চৰকাৰে চোকা নজৰ ৰাখিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে | অৱশ্যে একমাত্ৰ চাকৰিয়েই জীৱনৰ একমাত্ৰ উদ্দেশ্য হোৱা অনুচিত বুলি মন্তব্য ৰাখি মন্ত্ৰী গৰাকীয়ে যুৱ প্ৰজন্মক এখন স্ব-নিৰ্ভৰশীল অসম গঢ়াৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায় | জাতিটোক অৰ্থনৈতিক ভাৱে স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ বাবে চৰকাৰে বিগত সময়ত যথেষ্ট কাম হাতত লৈ আহিছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে স্থানীয় কৃষকসকলক তেওঁলোকৰ প্ৰাপ্য দিয়াৰ বাবে ইতিমধ্যেই চৰকাৰী ভাৱে প্ৰতি কুইণ্টলত ১৯৪০ টকা দৰত ধান ক্ৰয় কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে |পাছত মন্ত্ৰীগৰাকীয়ে গহপুৰ নগৰৰ মাজমজিয়াত চাহ জনজাতিৰ নেতা প্ৰয়াত দানিয়েল তপ্নৰ এটা প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰি নমস্য নেতাগৰাকীয়ে ৰাজ্যখনৰ বাবে, গহপুৰৰ বাবে তথা চাহ জনগোষ্ঠীৰ বাবে আগবঢ়াই যোৱা অনন্য অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে | গহপুৰত মন্ত্ৰী গৰাকীৰ আজিৰ দিনজোৰা কাৰ্যসূচীত গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ লগতে, বিশ্বনাথ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, গহপুৰৰ মহকুমাধিপতি আৰু স্থানীয় প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল |