অসমত এছ ভি এ এম আই টি ভি এ আঁচনি ৰূপায়ণৰ উদ্দেশ্যৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ 

pc-wiki

অসমত এছ ভি এ এম আই টি ভি এ আঁচনি ৰূপায়ণৰ উদ্দেশ্যৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ 

বাৰ্ত্তাসেৱা- অসমত এছ ভি এ এম আই টি ভি এ আঁচনি ৰূপায়ণৰ উদ্দেশ্যেৰে অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ ছার্ভে অৱ ইণ্ডিয়াৰ মাজত জনতা ভৱনত একবুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই আঁচনি ৰূপায়ণৰ বাবে কেন্দ্রীয় চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্রালয় আৰু ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে অসমত পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ সহায় ’ব। ছার্ভে অৱ ইণ্ডিয়াই প্রযুক্তিগত সহায়ক হিচাবে গ্রাম্য জনবসতিপূর্ণ অঞ্চলসমূহৰ জৰীপৰ বাবে প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিব। ইয়াৰ বাবে ড্র’ন প্রযুক্তিৰ ব্যৱহাৰ আৰু নিয়ন্ত্রণ কক্ষ স্থাপন কৰা হব আৰু এনেদৰে গঢ়ি তােলা গ্রামাঞ্চলৰ সম্পদৰ তথ্য ভাণ্ডাৰে সম্পদকেন্দ্রিক বিবাদ আৰু গােচৰৰ সংখ্যা হ্রাস কৰাত সহায় কৰিব। এই এছ ভি এ এম আই টি ভি এ আঁচনিখন ২০২০ বৰ্ষৰ ২৪ এপ্রিলত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে পাইলট প্রকল্প হিচাবে আৰম্ভ কৰা হৈছিল আৰু চলিত বৰ্ষৰ ২৪ এপ্রিলত দেশৰ প্রধানমন্ত্রীয়ে সমগ্র দেশৰ বাবে এই আঁচনি ৰূপায়ণৰ শুভাৰম্ভ কৰে। অসম চৰকাৰৰ হৈ অসম ভূমিলেখ্য আৰু জৰীপ অধিকর্তা শান্তনু পি গােটমাৰে আৰু ভাৰত চৰকাৰৰ হৈ ছার্ভে অৱ ইণ্ডিয়াৰ অসম আৰু নগালেণ্ডৰ দায়িত্বত থকা জি ডি চি ৰ সঞ্চালক চ’ল্লাংগী ভেংকটেশ্বৰ ৰাওৱে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন আৰু লগতে সংশ্লিষ্ট বিভাগসমূহৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।