অসমতো শতকৰ ঘৰ পাৰ কৰিলে পেট্ৰ’লৰ মূল্যই

pc APN News

অসমতো শতকৰ ঘৰ পাৰ কৰিলে পেট্ৰ’লৰ মূল্যই

ৰঙিলী বাৰ্ত্তাসেৱা – অসমতো শতকৰ ঘৰ পাৰ কৰিলে পেট্ৰলৰ মূল্যই ৷ সেইদৰে ডিজেলৰ মূল্যৰ ক্ষেত্ৰতো শতকৰ ঘৰ স্পৰ্শ কৰাৰ দিশে অগ্ৰসৰ হৈছে। দিল্লী, মুম্বাই, মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ, কৰ্ণাটক আদি ৰাজ্যত পেট্র’ল-ডিজেলৰ মূল্যই ইতিমধ্যে চেঞ্চুৰীৰ ঘৰ অতিক্ৰম কৰে। ডিমা হাছাও জিলাত প্ৰতিলিটাৰ ডিজেলৰ মূল্য প্ৰায়  ৯৫ টকা আৰু ঠিক তেনেদৰে মাজুলীতো প্ৰায় ৯৫ টকা হৈছেগৈ। গুৱাহাটীত পেট্ৰ’লৰ মূল্যই পৰা কৰিছে ১০০ টকা। সেইদৰে গুৱাহাটত প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছে ৯২.৫০ টকা। উল্লেখ্য যে পূৰ্বতে ভাৰত চৰকাৰে ইন্ধনৰ মূল্যৰ ওপৰত ৰাজসাহায্য প্রদান কৰিছিল। কিন্তু বর্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সেই ৰাজসাহায্য বন্ধ কৰি দিয়া হৈছে। তদুপৰি দেশত প্ৰতিখন ৰাজ্যতে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ভেট সুকীয়া সুকীয়া। অসমত পেট্ৰ’লৰ ওপৰত ভেটৰ পৰিমাণ হৈছে ৩০.৮৫ শতাংশ। ঠিক তেনেদৰে ডিজেলৰ ওপৰত ভেটৰ পৰিমাণ ২২.৭৫ শতাংশ বুলি নিৰ্ধাৰণ কৰা  হৈছে।