“অসমখন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্ৰিক সম্পত্তি নহয়” – ভূপেন বৰা

“অসমখন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্ৰিক সম্পত্তি নহয়” – ভূপেন বৰা

ৰঙিলী বাৰ্ত্তাসেৱা- মেঘালয়ক তেওঁলোকে দখল কৰি থকা মাটি অসম চৰকাৰে বিনাবাক্য এৰি দিবলৈ নিজৰ খেয়াল-খুচি মতে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজি অসম প্ৰদেশ কংগ্ৰেছে দিছপুৰত আয়োজন কৰা এক আলোচনা সভাত প্ৰায় ডেৰকুৰি শিক্ষাবিদ, বুদ্ধিজীৱি, আইনজীৱিয়ে অংশগ্ৰহণ কৰি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত তাৎক্ষণিকভাৱে বাতিল কৰিবলৈ দাবী জনাইছে। অসম চৰকাৰৰ এই আত্মসমৰ্পণ কোনো কাৰণতে অসমৰ ৰাইজে মানি নলয় বুলি সভাত সকলোৱে একমুখে মত ব্যক্ত কৰে।প্ৰদেশ কংগ্ৰেছ কমিটী আৰু কংগ্ৰেছ বিধায়িনী দলৰ যুটীয়া আহ্বানত অনুষ্ঠিত কৰা সভাখনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিষয়টোক লৈ প্ৰাৰম্ভিক বক্তব্য তুলি ধৰে। সৰ্বদলীয় সভাত কংগ্ৰেছৰ তৰফৰ পৰা দাঙি ধৰা পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি পিছদিনাই কেবিনেটে মেঘালয়ক মাটি এৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে বুলি উল্লেখ কৰি শ্ৰীশইকীয়াই কয় যে সকলো এখন পূৰ্বপৰিকল্পিত নাটকৰ অংশ মাত্ৰ। ইয়াৰ পিছতে বিস্তৃত আলোচনা হয় আৰু সকলো সাংবিধানিক বিধি-ব্যৱস্থা উপেক্ষা কৰি নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই একনায়কত্ববাদী শাসন চলাইছে বুলি অংশগ্ৰহণকাৰী সকলে মুকলিকৈ অভিযোগ ব্যক্ত কৰে। মেঘালয়ে দীৰ্ঘদিন অসমৰ এক বিশাল ভূমিখণ্ড দখল কৰি আছিল আৰু সেই তথ্য অসম বিধানসভাৰ মজিয়াত বিভিন্ন চৰকাৰৰ দিনত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এতিয়া নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থতে ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সংবিধান, প্ৰচলিত আইন আৰু অসম বিধান সভাৰ কৰ্তৃত্বক সম্পূৰ্ণ অস্বীকাৰ কৰি অসমৰ এছোৱা মাটি মেঘালয়ক এৰি দিবলৈ সিদ্ধান্ত লৈ এই হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কেইবাগৰাকীও অংশগ্ৰহণকাৰীয়ে খুব স্পষ্টভাৱেই মুখ্যমন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছ দলে সৰ্বদলীয় সভাত উত্থাপন কৰা দাবীক যুক্তিপূৰ্ণ বুলি স্বীকাৰ কৰি প্ৰায়সকল বক্তাই বিধান সভাক উলাই কৰি এনে এটা স্পৰ্শকাতৰ বিষয়ত কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল সেই বিষয়ে প্ৰশ্ন তোলে। কেইবাগৰাকীও অংশগ্ৰহণকাৰী আইনজীৱিয়ে প্ৰদেশ কংগ্ৰেছক এই ক্ষেত্ৰত চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথৰ যুঁজৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই সভাপতিৰ বক্তব্য দাঙি ধৰি সকলোকে দলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে এই সভাই আজিৰ পৰা কংগ্ৰেছক এক নতুন শক্তি দিলে। কংগ্ৰেছে কোনো কাৰণত এই চৰকাৰৰ অগণতান্ত্ৰিক, অসাংবিধানিক কাম-কাজ চলি থাকিবলৈ নিদিয়ে। সৰ্বশক্তিৰে কংগ্ৰেছে অসমৰ জনগণৰ স্বাৰ্থত সদায় কাম কৰিব বুলি প্ৰকাশ কৰি শ্ৰীবৰাই কয় যে ৰাইজক বিশ্বাসত নোলোৱাকৈ, বিধানসভাক গুৰুত্বহীন কৰিবলৈ এৰি দিয়া নহ’ব। “অসম হিমন্ত বিশ্ব শৰ্মাৰ পৈত্ৰিক সম্পত্তি নহয়”-শ্ৰীবৰাই কয়।  আলোচনা সভাত দলৰ কেইবাগৰাকীও সাংসদ, বিধায়ক, দলীয় শীৰ্ষ নেতৃত্বৰ উপৰি অনন্ত কলিতা, হাফিজ ৰছিদ আহমেদ চৌধুৰী, পৰেশ মালাকাৰ, অধ্যাপক আব্দুল মান্নান, কিশোৰ কুমাৰ কলিতা, গৌতম চৌধুৰী, পংকজ দুৱৰা, উৎপল হালৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বিষয়টোৰ ওপৰত নিজা নিজা বক্তব্য দাঙি ধৰে। স্বাস্থ্যজনিত কাৰণত ড° হীৰেন গোহাঁই সভাত উপস্থিত থাকিব নোৱাৰিলে যদিও লিখিতভাৱে তেওঁৰ মতামত ঘোষণা কৰি বিষয়টোত কংগ্ৰেছ দলৰ স্থিতি উচিত আৰু সমৰ্থনযোগ্য বুলি প্ৰকাশ কৰিছে।