অষ্ট্ৰেলিয়াত লকডাউনৰ বিৰোধিতাৰে প্ৰতিবাদ

pc- NDTv( Images are only for representation purpose)

অষ্ট্ৰেলিয়াত লকডাউনৰ বিৰোধিতাৰে প্ৰতিবাদ

অনলাইন বাৰ্ত্তাসেৱা– অষ্ট্ৰেলিয়াৰ মেলবʼৰ্ণ আৰু ছিডনী চহৰৰ ৰাজপথলৈ কৰʼনাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে আৰোপ কৰা লকডাউনৰ বিৰোধিতা কৰি ৰাজপথলৈ উলাইআহিছে কেইবাহেজাৰো লোক। প্ৰতিবাদ কৰা এই লোকসকলে আৰক্ষীৰ সৈতেও সংঘাতত লিপ্ত হয়। আৰক্ষীয়ে মেলবʼৰ্ণত প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে জলকীয়া গুড়ি ব্যৱহাৰ কৰে। আৰক্ষী আৰু প্ৰতিবাদীৰ মাজত হোৱা সংৰ্ঘষৰ ফলত কমেও সাতজন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। ২১৮জন লোকক আৰক্ষীয়ে বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিছে। ছিডনীত লকডাউন এমাহলৈ বৃদ্ধি কৰাত বহু লোক ৰাজপথলৈ ওলাই আহে। সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ছিডনীত নতুনকৈ ৮২৫ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। কুইন্সলেণ্ডৰ ৰাজধানী ব্ৰীছবেনতো লকডাউনৰ বিৰোধিতাৰে প্ৰায় ২ হেজাৰ লোকে লকডাউনৰ প্ৰতিবাদ সাব্যস্ত কৰে।

 

(RT)