অষ্ট্ৰেলিয়াক পৰাস্ত কৰি অলিম্পিকত প্ৰথমবাৰৰ বাবে ভাৰতে মহিলা হকীৰ ছেমি ফাইনেলত উপনীত হয়

pc The Prevalent India

অনলাইন বাৰ্ত্তাসেৱা – টকিঅ’ অলিম্পিকত মহিলা হকীৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ১-০ গ’লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে অলিম্পিকত ছেমি ফাইনেলত উপনীত হয়। গুৰজিৎ কৌৰে ২২ মিনিটত খেলখনৰ একমাত্ৰ গ’লটো অৰ্জ কৰিছিল। বুধবাৰে ছেমি ফাইনেলত ভাৰতে মুখামুখি হ’ব আৰ্জেণ্টিনাৰ। আনফাল, ভাৰতীয় পুৰুষ হকী দলটোৱে কাইলৈ তেওঁলোকৰ ছেমি ফাইনেলত বেলজিয়ামৰ মুখামুখি হ’ব।

(UD.)