অষ্টগামী সুৰুয ..- কবিতা শৰ্মা

pc amazon.in

অষ্টগামী সুৰুয ..

কবিতা শৰ্মা,
দিল্লী

প্ৰতিখন কিতাপৰে এক জন্ম ইতিহাস থাকে৷ আজি মোৰ এই লিখনিৰ জৰিয়তে এনে এখন কিতাপৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো যি সকলোৰে নিজৰ জীৱনৰ প্ৰতি থকা দৃষ্টিভঙ্গী বা ধাৰণা অলপ হলেও পৰিবৰ্তিত কৰিব পৰাত সহায় কৰিব বুলি আশা কৰোঁ৷ কিতাপখন হ’ল ব্ৰ নি ওৱেৰ (Bronnie Ware) নামৰ এগৰাকী অষ্ট্ৰেলিয়াৰ লেখিকাৰ ‘‘দা টপ ফাইভ ৰিগ্ৰেটচ অফ দা ডায়িং (The top five Regrets of the dying)”৷ তেওঁ অষ্ট্ৰেলিয়াৰ এখন হস্পিতালত নাৰ্ছ হিচাপে কাম কৰিছিল আৰু সেই সকল ৰোগীৰ তত্ত্বাৱধানৰ দায়িত্বত আছিল যি সকলে বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ জীৱনৰ অন্তিম ক্ষণ গণিছিল৷ সেই সকল ৰোগীৰ সৈতে কথাবাৰ্তা (counselling) হোৱাৰ সময়ত তেওঁ এটা কথা ভালকৈয়ে অনুভৱ কৰিছিল যে তেওঁলোকৰ প্ৰত্যেকজনেই নিজৰ নিজৰ জীৱনক লৈ গভীৰ ভাবে অনুতপ্ত আছিল৷ আটাইতকৈ আচৰিত কথা হ’ল যে সেই সকল ৰোগীৰ মাজত কোনো ধৰণৰ সাদৃশ্য নাথাকিলেও তেওঁলোকৰ অনুশোচনাবোৰ কিন্তু একেই আছিল৷ তাৰে ভিতৰত লেখিকাই বৰ্ণনা কৰা আটাইতকৈ সাদৃশ্য পূৰ্ণ অনুশোচনা পাচটা হ’ল —
অনুশোচনা- ১
যদিহে মই নিজৰ জীৱনটো নিজৰ ইচ্ছা বা নিজৰ ভাল লগা অনুযায়ী অতিবাহিত কৰিলো হয় অন্তত বাৰে বাৰে এই কথা নাভাবি যে মানুহে কি কব ঞ্জ
এনে সাজ নিপিন্ধিবা – মানুহে কি কব? এইটো নাখাবা – মানুহে কি কব? এইটো নকৰিবা, সেইটো নকৰিবা মানুহে কি কব ?
কোনো কোনোৱে নিজৰ অনুৰাগৰ বা কৰি আনন্দ পোৱা কাম নকৰিলে, কাৰণ মানুহে কি কব?
কোনোৱে নিজৰ ৰুচিৰ বিষয় আৰু নিজৰ সপোন সলাই আনে বাচি দিয়া সপোনৰ পাছত দৌৰিলে,
কাৰণ মানুহে কি কব? কোনো কোনোৱে নিজৰ সপোনৰ চাকৰি নকৰিলে, কাৰণ মানুহে কি কব? আনকি বহুতে নিজৰ পচন্দ অনুযায়ী বিয়াও নকৰিলে কাৰণ মানুহে কি কব? সকলোৱে এই কথা ভাবি নিজৰ মনৰ ইচ্ছাৰ বিৰুদ্ধে জীবন অতিবাহিত কৰিলে, তাকো সেই সকল মানুহৰ বাবে যি সকলে তেওঁলোকৰ অন্তিম দিনত দেখা কৰা তো বাদেই এবাৰ খবৰো কৰিবলৈকো সময় নাপালে!
বন্ধু বান্ধবী সকল অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে জীৱনত আপুনি স্বাৰ্থপৰ বা বিদ্ৰোহী হৈ উঠক, কিন্তু যি বোৰ কাম কৰিব পাৰিব বুলি আপোনাৰ নিজৰ ওপৰত দৃঢ় বিশ্বাস আছে বা আপোনাৰ কৰি ভাল লাগে সেইবোৰ কামো কেতিয়াবা কৰি চাওক চোন৷ কেবল আনৰ ইচ্ছা অনুযায়ী চলাকে জানো জীৱন বুলি কয়? জীৱন কেবল অতিবাহিত কৰাই নহয়, কেতিয়াবা উদযাপনো কৰি চাওক চোন !
অনুশোচনা- ২
এই অনুশোচনা বেছিকৈ পুৰুষ সকলৰ ক্ষেত্ৰতহে দেখা পোৱা গৈছিল …. হায়! যদিহে মই ইমানকৈ কাম নকৰিলো হয়! যদিহে মই মোৰ জীৱনৰ আৰু কিছু সময় নিজৰ মা-দেউতা, জীৱন সঙ্গী, সন্তান বা নিজৰ প্ৰিয় মানুহ সকলৰ সৈতে অতিবাহিত কৰিলো হয়, যদিহে মই মোৰ সন্তানক ডাঙৰ হৈ উঠা নিজৰ চকুৰে দেখিলো হয়!
বন্ধু বান্ধবী সকল, কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আপুন শ্ৰম নকৰিব৷ কিন্তু ব্যস্ততাৰ বাবে যদি আপুনি আপোনাৰ প্ৰিয়জন সকলৰ সৈতে কটোৱা মূল্যবান সময়বোৰ হেৰুৱাব লগীয়া হয়, তেতিয়া এবাৰ হলেও ভাবি চাব, আপোনাৰ সফলতাৰ বিনিময়ত আপুনি কিমান ডাঙৰ মূল্য দিবলগীয়া হ’ল!
অনুশোচনা- ৩
যদিহে মোৰ ওচৰত ইমানখিনি সাহস থাকিল হয় যে সময় থাকোঁতেই মই বিচৰা মানুহবোৰক মোৰ মনৰ অনুভব বোৰ জনাব পাৰিলো হয়! ইয়াত অনুভৱৰ অৰ্থ কিন্তু কেৱল ৰোমান্তিক অনুভৱ নহয়৷ সেই মানুহ সকল আমাৰ জীৱনৰ যিকোনো এজন হব পাৰে৷ যেনেকৈ কোনোবাই যদি কৈছিল মাকৰ কথা, কোনোৱে আকৌ দেউতাকৰ কথা, কোনোৱে যদি জীৱন সঙ্গীৰ কথা, কোনোৱে নিজৰ ভাই ভনীৰ কথা৷ ভাষা যিয়েই নহওক, ভাব কিন্তু একেটাই – যদি মই কব পাৰিলো হয় যে তেওঁলোকক মই কিমান ভাল পাওঁ… তেওঁলোকৰ স্থান মোৰ জীৱনত কিমান বিশেষ… যদি মই মোৰ কোনোবা আত্মীয়ক কব পাৰিলো হয় যে এদিন তেওঁ মোৰ অন্তৰত কিমান দুখ দিছিল ….
বন্ধু – বান্ধবী সকল আমি আমাৰ মনৰ অনুভৱ বোৰ এই কাৰণেই মুখ খুলি নকওঁ কাৰণ আমি আমাৰ দৈনন্দিন জীৱনত লগ পাই থকা মানুহ বোৰক বৰ গুৰুত্ব সহকাৰে নলওঁ বা হয়তো সহজলভ্য বুলিয়ে ধৰি লওঁ৷ বা কেতিয়াবা হয়তো ভাবো আজি থাকক অন্য এদিন কম যদিহে কেনেবাকৈ সম্পৰ্ক বেয়া হৈ পৰে! কিন্তু সেই উপযুক্ত সময় আমাৰ জীৱনলৈ অহাৰ অপেক্ষাত এদিন হয়তো সেই ভাব ব্যক্ত কৰাৰ সময়ো আমাৰ হাতৰ পৰাই পিছলি যায় …
অনুশোচনা- ৪
যদিহে মই মোৰ স্কুল কলেজৰ পুৰণি বন্ধু সকলৰ সম্পৰ্কত থাকিলো হয় … যদি জীৱনৰ এই ক্ষণত সিহঁতৰ সৈতে কিছু সময় অতিবাহিত কৰিব পাৰিলোঁ হয় … কাৰণ আজি মোৰ বাৰে বাৰে মনত পৰি থকা সেই বন্ধু সকল, যাৰ অবিহনে এদিন মোৰ জীৱনৰ এটা মুহূৰ্তও অতিবাহিত নহৈছিল, মোৰ জীৱন নচলিছিল৷ হয়তো আজি তেওঁলোক পঢ়াশুনা, কৰ্ম সংস্থাপন, নিজৰ নিজৰ সংসাৰ আদিৰ বাবে দূৰলৈ গুচি গৈছে, কিন্তু কিয় এৰি অহা সেই সোণালী সময় আজি মোৰ বাৰে বাৰে মনত পৰিছে!
বন্ধু বান্ধবী সকল, সেই কাৰণে সময় থাকোঁতেই আমি সকলোৱে আমাৰ পুৰণা বন্ধু সকলৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তুলিব পাৰো৷ এৰি অহা সেই সোণালী দিন বোৰ আকৌ এবাৰ জীয়াব পাৰো৷ আন নহলেও অন্তত এটা ফোন কল, ভিডিও কল, বা এটা মেছেজেৰে তেওঁলোকৰ সম্পৰ্কত থাকিব পাৰোঁ৷
অনুশোচনা- ৫
যদিহে মই নিজকে আনন্দিত কৰি ৰাখিলো হয়৷ প্ৰত্যেকজন মানুহে এই কথা মানি লৈছে যে তেওঁলোকে জানে যে তেওঁলোকৰ আনন্দ কিহত৷ কিন্তু তথাপিও তেওঁলোকে নিজক সেই কাম কৰাৰ পৰা বিৰত ৰাখিলে, নিজকে অসুখী কৰি হলেও৷ কাৰণ গোটেই জীৱন তেওঁলোকে এই কথাই ভাবিলে যে তেওঁৰ সুখ কোনোবা অন্য এজনৰ সৈতেহে জড়িত৷
বন্ধু বান্ধবী সকল, আপোনাৰ সুখ আপোনাৰেই নিয়ন্ত্ৰণত৷ এই কথা যিমান সোনকালে বুজি উঠে সিমানেই ভাল৷ আপোনালোকে বাৰু কেতিয়াবা কোনো মৃত্যু মুখী মানুহক কোৱা শুনিছেনে যে যদি মৃত্যুৰ আগতে তেওঁ আৰু এটা ঘৰ বনাই যাব পাৰিলে হয়, বা মাটি এটুকুৰ কিনি থৈ যাব পাৰিলে হয় বা অলঙ্কাৰ অলপ গঢ়াই থব পাৰিলে হয়৷ নি(য় নহয়৷ কাৰণ মৃত্যুৰ সময়ত মানুহৰ অনুশোচনা কেবল মাত্ৰ অপাৰ্থিৱ বস্তুতহে হয়, পাৰ্থিব বস্তুত কেতিয়াও নহয়৷
সচা কথা কবলৈ গ’লে জীৱন জীওৱাও যে এক কলা সেই সম্পৰ্কে বেছিভাগ মানুহেই অনভিজ্ঞ৷ সেইকাৰণেই আমি আমাৰ সহজ সৰল, সুন্দৰ, কোমল জীৱনটোক ব্যস্ততা, অনুভবহীনতা, আকাশ চুম্বী অভিলাষ, হৃদয়হীনতা আদিৰে ইমান জটিল আৰু কঠিন কৰি পেলাও যে আমি যেন নিজৰেই হৈ নাথাকো৷ আনকি আমাৰ সুখ ক’ত আমাৰ আনন্দ কিহত সেই কথাও আমি পাহৰি পেলাওঁ৷ শেষত এনে এটা সময় আহে যে, যিদিনা মনৰ আইনাখনত আমি নিজকে চাওঁ, নিজকে বিচাৰো- যে মই কোন, মই ক’ত বা মই কি তাৰ কোনো উত্তৰ বিচাৰি নাপাওঁ৷ মাত্ৰ এটা বিৰাট শুণ্যৰ বাহিৰে আমাৰ জীৱনত আৰু একো অৱশিষ্ট নাথাকে৷ জীৱন নামৰ অথাই সাগৰত পৰি এনেকৈ ককবকাব ধৰো যে তাৰ পৰা উঠি অহাৰ ক্ষমতা হেৰুৱাই পেলাওঁ৷ কাৰণ আমি নিজক প্ৰাধান্য নিদিওঁ, আমি নিজৰ প্ৰতি মনযোগ নিদিওঁ, নিজৰ যত্ন নলও, আমাৰ ভাবনা, ইচ্ছা আৰু সিদ্ধান্তক আমি সন্মান নকৰোঁ৷ যদি আমি নিজেই আমাৰ ইচ্ছা কি, আনন্দ ক’ত নাজানো, নিজৰ সিদ্ধান্তক নিজেই সন্মান নকৰোঁ, নিজকে সময় নিদিওঁ, তেতিয়াহ’লে অন্য কোনে দিব।
প্ৰকৃততে আমাৰ সকলোৰে জীৱনবোৰো একো একোখন কিতাপৰ দৰেই যি আমাক শিকাই যায় জীৱনৰ মূল্যবোধ৷ শিকাই যায় এই কথাও যে জীৱন জীয়াই থাকা- নিজৰ ইচ্ছা আৰু অনুভৱ অনুযায়ী৷ কাৰণ, জীৱনৰ অন্তিম ক্ষণত নিজৰ বাহিৰে আন কোনেও এই কথা অনুভৱ নকৰে যে আমাৰ ইচ্ছা কি আছিল বা আমাৰ আনন্দ কিহত আছিল৷