অশ্ৰু নদীৰ প্লাৱন – পাৰুল বৈশ্য

কবিতাৰ শিৰোনাম

অশ্ৰু নদীৰ প্লাৱন
পাৰুল বৈশ্য
গুৱাহাটী

এখন আহত হৃদয়, ওলমি ফুৰিছে
মোৰ লগত অহৰহ।
ক’ভিড চুনামীত আজি
মানৱ জাতি নিঃশেষ হোৱাৰ পথত
নিশ্বাসত ছিটিকি পৰিছে
তপ্ত হুমুনিয়াহ।
দুচকুত অশ্ৰু কণা, সীমাহীন দুখৰ।
আপোনজনক, চিনাকী জনক
আমাৰ মাজৰ পৰা কাঢ়ি নি
মৃত্যুৰ শেতেলীত দিছে শুৱাই।
কিমানৰ যে বুকু উদং হ’ল।
কণমানি জনীওঁ নগ’ল যে সাৰি।
সহ্য কৰিব নোৱাৰা এই যন্ত্রণা।
হাহিঁ-ধেমালিৰে কটোৱা জীৱনলৈ
নামি আহিল ঘোৰ অমাৱস্যা।
উহঃ মৃত্যু ইমান সহজ লভ্য ?
মাটিৰ মানুহ মাটিতে মিলি যাম।
কিন্তু এনেকৈ এনেদৰে —-
কেতিয়াও নহয়।
এটা ক্ষুদ্ৰ ভাইৰাছে ধুলিসাৎ কৰিলে সভ্যতাৰ দম্ভালিক।
জীবশ্রেষ্ঠ আজি অসহায়।
হতভগা জীৱকুলৰ কি
অবিশ্বাস্য ট্ৰেজেডী।
ব্যথাক্লিষ্ট হৃদয়ৰ চকুলো টুকি টুকি
মৃত্যু ভয়ৰ কাৰাগাৰত
আৱদ্ধ আত্মীয়স্বজন।
হে –পৰমপিতা কেতিয়া শেষ হ’ব
এই অশ্ৰু নদীৰ প্লাৱন।