অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ ১ আগষ্টৰ পৰা অ’লা-উবেৰ বৰ্জন কাৰ্যসূচী

pc- The statesman

অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নৰ ১ আগষ্টৰ পৰা অ’লা-উবেৰ বৰ্জন কাৰ্যসূচী

অনলাইন বাৰ্ত্তাসেৱা– অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে এক প্ৰেচ বিজ্ঞপ্তিত ইউনিয়নৰ সভাপতি ভাস্কাৰ তালুকদাৰে উল্লেখ কৰে যে অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে অহা ৰআগষ্টৰ পৰা অ’লা- উবেৰ বৰ্জন কাৰ্যসূচী বাহাল ৰখাৰ সিদ্ধান্তত অটল আছে। সন্থাৰ মুখ্য উপদেষ্টাগৰাকী আৰু দেৱজিৎ ডেকা নামৰ দুগৰাকী ব্যক্তিয়ে অ’লা-উবেৰ কেব অপাৰেটৰ নামৰ এটি নতুন সন্থা খুলি অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে লোৱা সিদ্ধান্ত আলোচনাৰ মৰ্মে বৰ্জন কৰা বুলি ওলোৱা বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন । অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে ১ আগষ্টৰ পৰা অ’লা-উবেৰ বৰ্জন কাৰ্যসূচী বাহাল ৰাখিছে। প্ৰেছ বিজ্ঞপ্তিটোত সভাপতিগৰাকীয়ে উল্লেখ কৰে যে সন্থাৰ উপদেষ্টা ইব্ৰাহিম আলিক সন্থাৰ পৰা বহিষ্কাৰ কৰা হৈছে। লগতে ইব্ৰাহিম আলীক সংবাদ মাধ্যমৰ আগত সন্থাৰ হৈ কোনো কথা নক’বলৈ আহ্বান জনায় সভাপতিগৰাকীয়ে।

(R.T)