অলিম্পিকৰ ডিছকাছ থ্ৰʼৰ ফাইনেলত ষষ্ঠ স্থানতে থমকিল ভাৰতৰ কমলপ্ৰীত কৌৰ

pc-India blooms

অলিম্পিকৰ ডিছকাছ থ্ৰʼৰ ফাইনেলত ষষ্ঠ স্থানতে থমকিল ভাৰতৰ কমলপ্ৰীত কৌৰ

অনলাইন বাৰ্ত্তাসেৱা– ভাৰতৰ এথলীট কমলপ্ৰীত কৌৰে কেৰিয়াৰত প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণৰ সুযোগ লাভ কৰি পদক লাভৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল যদিও ডিছকাছ থ্ৰʼৰ ফাইনেলত ষষ্ঠ স্থানতে তেওঁ থমকি ৰʼবলগীয়া হʼল। ফাইনেলত কমলপ্ৰীতে নিজৰ তৃতীয় ৰাউণ্ডত সৰ্বাধিক ৬৩.৭০ মিটাৰ ডিছকাছ থ্ৰʼ কৰিবলৈ সক্ষম হৈছিল যদিও সেয়া পদক লাভৰ বাবে পৰ্যাপ্ত নাছিল। ফাইনেলত ৬৮.৯৮ মিটাৰ থ্ৰʼ কৰি স্বৰ্ণপদক অৰ্জন কৰে আমেৰিকাৰ এথলীট ভালাৰি আলমানে। ৬৬.৯৮ মিটাৰ থ্ৰʼ কৰি ৰূপৰ পদক অৰ্জন কৰে জাৰ্মানীৰ ক্ৰিষ্টিন পুডেঞ্জে। আৰু ৬৫.৭২ মিটাৰ থ্ৰʼ কৰি কিউবাৰ এথলীট য়াইমে পেৰেজ ব্ৰঞ্জৰ পদক লাভ কৰে।

(R.T)