অলপ অনুভৱ
মিনতি গোস্বামী
কাৰে কাল হাতোৰাত বন্দী আজি
আমাৰ এই মৰমৰ পৃথিৱী খনি ,
বাৰুকৈয়ে উঠিছে প্ৰশ্ন জাগি
জীয়াই থাকিবনে মানৱ জাতি ।
যেনিয়ে চাওঁ দেখো তেনিয়ে পাওঁ
মৃত্যুৰ সহজ শয়ন ,
অশ্ৰুসিক্ত শত নয়ন ভাগৰে
বিচাৰি যে চিনাকি বয়ন ।
চিতাৰ জুয়ে জানো দিব কাহানিবা
হেপাহৰ ঘৰখনি সাজি ?
ত্ৰাসিত সময়ৰ আকাশত উঠে
কাল মেঘ চপৰা – চপৰ ,
ইতঁৰ প্ৰাণীয়েও ৰৈ ৰৈ কান্দে
দেখি বিলাই জীৱ শ্ৰেষ্ঠৰ ।
নেলাগে নুশুনো আৰু কৰুণ বিননি
বিচাৰো জীৱন আহক মৰণ জিনি ।