অমূল্য বৰুৱাৰ ৰচনা আহ্বান

pc The Janambhumi

অমূল্য বৰুৱাৰ ৰচনা আহ্বান

ৰঙিলী বাৰ্ত্তাসেৱা-   ১৯৪৬ চনৰ ১৮ আগষ্টত কুখ্যাত কলিকতা সাম্প্ৰদায়িক হিংসাত নিহত হোৱা অসমৰ তৰুণ প্ৰগতিবাদী কবি অমূল্য বৰুৱাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি নতুন সাহিত্য পৰিষদে কবিগৰাকীৰ ‘ অচিনা আৰু অন্যান্য ৰচনা’ একত্ৰ প্ৰকাশৰ উদ্যোগ গ্ৰহণ কৰিছে। কবি অমূল্য বৰুৱাৰ  অপ্ৰকাশিত, অসংকলিত কোনো কবিতা বা অন্যান্য ৰচনা যদি কবিগৰাকীৰ কোনো গুণগ্ৰাহীৰ হাতত আছে,তাক ১৭  এপ্ৰিলৰ ভিতৰত  ৯৮৫৪৪০০৬৯৮ নম্বৰত হোৱাটছ্এপ বা samindrahujuri@gmail.com-ত ইমেইল যোগে পঠাবলৈ সংকলনখনিৰ সম্পাদকে আহ্বান জনাইছে।