অমিক্ৰনক লৈ সতৰ্ক ৰাজ্যৰ স্বাস্থ্য বিভাগ

PC Time8

অমিক্ৰনক লৈ সতৰ্ক ৰাজ্যৰ স্বাস্থ্য বিভাগ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত ১৫ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ সকলোকে ক’ভিড ভেকচিন দিয়াৰ লগতে ক’ভিডৰ বিৰুদ্ধ যুঁজ দিয়া ফ্রন্ট লাইন ৱৰ্কাৰ আৰু ৬৫ৰ ঊৰ্ধ্বৰ লোকক বুষ্টাৰ ড’জ প্ৰদান কৰিব বুলি কৰা ঘোষণা অনুসৰি অসমতো ৰাজ্য চৰকাৰেসেই অভিযান সফলভাৱে ৰূপায়ণ কৰিবৈ সাজু হৈছে। স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰৰ পৰা সেই সম্পৰ্কীয় নির্দেশনা লাভ কৰিলেই ৰাজ্য চৰকাৰে গাইডলাইন প্ৰকাশ কৰিব। বর্তমান গাইডলাইন প্রস্তুতৰ কাম চলি আছে।