অভিলেখ ভঙ্গকাৰীঃ অন্য তাৰকা ৰাজ্যৰ ৪ টা বৃহৎ গ্রহে এটা শিশু নক্ষত্র চাৰিওফালে পৰিভ্ৰমণ কৰে- ড০ ৰাস্না ৰাজখোৱা

Pc Farmers' Almanac

অভিলেখ ভঙ্গকাৰীঃ অন্য তাৰকা ৰাজ্যৰ ৪ টা বৃহৎ গ্রহে এটা শিশু নক্ষত্র চাৰিওফালে পৰিভ্ৰমণ কৰে

এটা নতুন অধ্যয়নৰ প্ৰতিবেদন মতে, জ্যোতির্বিজ্ঞানত প্ৰথমবাৰৰ কাৰণে, চাৰিটা বৃহৎ গ্রহ, এটা যুৱ নক্ষত্ৰৰ চাৰিওফালে চিনাক্ত কৰা হৈছে। চি আই টাও (CI Tau) নামৰ নক্ষতাটা পৃথিৱীৰ পৰা ৫০০ আলোক বৰ্ষ দূৰত্বত অৱস্থিত। চি আই টাও নক্ষত্রটো মাত্র ২ নিযুক্ত বছৰ বয়সৰ আৰু এতিয়াও ইয়াক আগুৰি গেছ আৰু ধূলিৰ থাল ঘূর্ণয়মান হৈ আছে যাক ‘আদ্যগ্রহীয়’ (Protoplanetary Disc) খান বুলি জনা যায়।

নক্ষত্ৰটোক এটা গ্রহণ গৃহস্থ বুলি ইতিমধ্যে জনা গৈছে। বৃহস্পতি গ্রহতকৈ 10 গুণ বেছি ডাঙৰ গ্ৰহটো প্ৰতি নদিনত নক্ষত্র চি আই টাওৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ কৰে। এই গ্ৰহটোক চি আই টাও বি (CI Tau b) বুলি কোৱা হয়, এতিয়ালৈকে আৱিষ্কাৰ হোৱা তেনেকুৱা যুৱ নক্ষত্ৰৰ প্ৰথমটো ‘উত্তপ্ত বৃহস্পতি’ বুলি ক’ব পাৰি।

নতুন অধ্যয়নটোত, গৱেষকৰ এটা দলে চি আই টাও আৰু ইয়াৰ খান, এটাকমা লার্জ মিলিমিটাৰ/ উপমিলিমিটাৰ শৃংখলা (Atacama Large Millimeter/submillimeter Array-ALMA) চিলিয়েন এওেজন ৰেডিঅ’ টেলিস্কপ নেটৱৰ্কৰ সহায়ত পর্যবেক্ষণ কৰে। জ্যোতির্বিদসকলে কয় ALMA যে নক্ষত্ৰটোৰ পৰা ১৬, ৩৯ আৰু ১০০ জ্যোতির একক দূৰত্বত (এক জ্যোতির একক দূৰত্ব হ’ল সূৰ্য আৰু পৃথিৱীৰ গড় দূৰত্ব ১৬ মিলিয়ন মাইল বা ১৫০ মিলিয়ন কিলোমিটাৰ) থালখনত তিনিটা অতিৰিক্ত খালী ঠাই চিহ্নিত কৰে। গতিকে চি আই টাও বি ( CI Tau b)ৰ তিনিটা সহোদৰ গ্রহ আছে আৰু এই নতুনকৈ আৱিষ্কাৰ কৰা পৃথিৱীখন যথেষ্ঠ ডাঙৰো। দলটোৱে কয় একেবাৰে ভিতৰৰটো বৃহস্পতিৰ সমানেই ডাঙৰ, আৰু বাহিৰৰ দুটা প্রায় শনি গ্রহ সমান।

অধ্যয়নটোৰ সদস্যসকলে কয়, জ্যোতির্বিদসকলে তেনেকুৱা যুৱ নক্ষত্ৰৰ চাৰিওফালে আগতে কেতিয়াও গেছেৰে পৰিপূর্ণ চাৰিটা বিশাল গ্রহ আৰু কক্ষপথৰ বিস্তাৰ চিহ্নিত কৰা নাছিল। বহিঃতম মহটো, চি আই টাওৰ পৰা একেবাৰে ভিতৰৰ গ্ৰহটোৰ দূৰত্বতকৈ ১০০০ গুণ বেশি দূৰত্বত অৱস্থান কৰে। গৱেষকসকলে কয় এই দূৰদ্বই চৰম দূৰত্ব।

সঁচাকৈ, এইটো স্পষ্ট নহয় যে বাহিৰৰ গ্ৰহ দুটাই কেনেকৈ আকৃতি ল’বলৈ সমর্থ হয়। শনি ভৰৰ এহ দুটা ধৰা হ’ল প্ৰথম কঠিন শাঁহবোৰ জমা হৈ গঠন হ’ল আৰু তাৰপিছত সি গেছ টানি তাৰ ওপৰত গেছৰ তৰপৰ সৃষ্টি কৰিলে। কিন্তু এই পদ্ধতিবোৰ নক্ষত্ৰৰ পৰা বহু দূৰত খুব লেহেমীয়া বুলি ধৰা হয়। অধ্যয়নটোৰ মূখ্য লেখক, ইংলেণ্ডৰ কম্বব্রীজ বিশ্ববিদ্যালয়ৰ জ্যোতি বিজ্ঞান প্ৰতিষ্ঠানৰ জ্যোতিবিদ কেখি ক্লার্কে কয়, বেছি ভাগ আহিয়ে এই দূৰদ্বত ইমান ভৰৰ গ্রহ এটা গঠন কৰিবলৈ সংগ্রাম কৰিবলগীয়া হয়।

অধ্যয়নটোৰ সদস্যসকলে কয় এইটো অস্পষ্ট যে, যদি কিবা নিয়ম আছে, তেন্তে কোনটো নিয়ম মতে সহোদৰ (Sibling) গ্রহসমূহে চি আই টাও বিৰ অতি দৃঢ় কক্ষপথলৈ তাক ঠেলি নিব। ভবিষ্যতে অন্য উন্নতমানৰ দূৰবীক্ষণ যন্ত্র ব্যৱহাৰ কৰি এই বিচিত্র প্রণালীটো পর্যবেক্ষণ কৰিলে এইবোৰ আৰু অন্য বহুতো প্ৰশ্নৰ উত্তৰ জনাত সহায় হ’ব বুলি অধ্যয়নটোৰ সদস্যসকলে কয়।

ড০ ৰাস্না ৰাজখোৱা
জামুগুৰিহাট, শোণিতপুৰ, অসম-784180
ফোন নং–9854492326