অভিভাৱক হিচাপে আপোনাৰ সন্তানটিক স্বাধীন হোৱাৰ সুযোগ দিয়ক – মানসী মিশ্ৰ

pc- Pasbanan

অভিভাৱক হিচাপে আপোনাৰ সন্তানটিক স্বাধীন হোৱাৰ সুযোগ দিয়ক

মানসী মিশ্ৰ

কৰ্মক্ষেত্ৰত নিৰ্দিষ্ট কেইজনমান ব্যক্তিৰ সৈতে মুখামুখি হʼবলগীয়া হয়। দীঘলীয়া দিনটোৰ ভিতৰত বহু সময় তেওঁলোকৰ সৈতে ভাব বিনিময়ো কৰিবলগীয়া হয়। অধীক সংখ্যকৰ লগত হোৱা কথা বাৰ্তাত এটা বিষয়ে সদায় প্ৰাধান্যতা পায়, সেইটো হৈছে নিজৰ নিজৰ সন্তানসকলক লৈ কৰা আলোচনা। কোনজনৰ সন্তানে শ্ৰেণী পৰীক্ষাত সমূহত কিমান নম্বৰ পালে, জেদ কৰি লগৰ কোনজন ছাত্ৰ বন্ধুক পৰীক্ষাৰ নম্বৰৰ তালিকাত পিছ পেলালে, ভৱিষ্যতে তেওঁলোকৰ সন্তানে ডাক্তৰ, ইঞ্জিনীয়াৰ হʼব বিচাৰেনে মিউজিছিয়ান হে হʼবলৈ বিচাৰিছে ইত্যাদি ইত্যাদি। কোনজনৰ সন্তানে আকৌ ডাক্তৰ, ইঞ্জিনীয়াৰ নহওঁ বুলি ঠিৰাং কৰাৰ পিছত অভিভাৱক হিচাপে তেওঁৰহে টেনছন বৃদ্ধি পাইছে। মুঠতে এনে ধৰণৰ বিবিধ প্ৰতিক্ৰিয়া মন্তব্য আপুনি প্ৰতিটো দিনতে শুনিবলৈ প্ৰস্ত্তত থাকিব লাগিব। কেৱল কৰ্মক্ষেত্ৰতেই নহয় বেছিভাগ সামাজিক অনুষ্ঠান বিয়া সবাহ, পূজা পাৰ্বণ, শ্ৰাদ্ধ সকাম আদিতো চাৰি পাঁচজন মান ব্যক্তি একেলগ হʼলেই আলোচনাৰ বিষয়বস্ত্ত একেটাই। বিৰক্তি লাগিলেও, আমনি পালেও আপুনি মই শুনিবলৈ বাধ্য। যান্ত্ৰিকতাময় বস্ত্তবাদী সমাজ ব্যৱস্থাত বহুসংখ্যক অভিভাৱকে নিজৰ সন্তানৰ জীৱনৰ লক্ষ্য কটকটীয়াকৈ নিৰ্দ্ধাৰণ কৰি দিয়াটো মূখ্য কাম বুলি ধৰি লয। এই জোৰ জুলুমৰ প্ৰক্ৰিয়াসমূহ আমাৰ সমাজত চলি থকা হেতুকে বিগত কিছুবছৰ ধৰি বিভিন্ন পাঠ্যক্ৰমৰ নামভৰ্তিত, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা সমূহতো যথেষ্ট অনিয়ম, অভিযোগ হোৱা দেখিবলৈ পোৱা গৈছে। যেতিয়াই অভিযোগ সমূহ ৰাইজৰ চকুত বেয়াকৈ ধৰা পৰাত এইক্ষেত্ৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়, তেতিয়াই এটা কথা জ্বলজ্বল পট পটকৈ ওলাই পৰে যে লʼৰা ছোৱালীসকলে অভিভাৱকৰ হেচা বা জোৰজুলুমত হে তেনে বিশেষ পাঠ্যক্ৰম বা বৃত্তি গ্ৰহণ কৰিবলৈ ওলাই আহিছে। এইখিনিতেই অভিভাৱক সকলে নিজৰ সফলতা প্ৰতিপন্ন কৰিবলৈ ধন বল, বাহুবল সকলোৰে আশ্ৰয় লোৱা দেখা গৈছে। অন্য ঠাইৰ পৰা, অন্য ৰাজ্যৰ পৰা কেইবা লক্ষ্য টকাত ভাৰাতীয়া পৰীক্ষাৰ্থী আনি পৰীক্ষাত অৱতীৰ্ণ কৰোৱা ঘটনা চলি আহিছে। এই সকল অভিভাৱকৰ ধনবল, বাহুবল আছে বাবেই নিজৰ অভিলাস পূৰণ কৰিব পাৰিছে। বিভিন্ন জালিয়াতিৰে এই ছিট সমূহ লৈ লোৱা বাবে আকৌ আন এচাম মেধাশক্তি থকা ছাত্ৰ-ছাত্ৰীও ছিট এটাৰ পৰা বঞ্চিত হৈছে। এইদৰে আমাৰ ৰাজ্যখনত লক্ষ্যলক্ষ্য টকাৰ বিনিময়ত এচাম ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত বেচাকিনা হৈছে। এইদৰে আমাৰ এই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতসমূহ টকাৰ বিনিময়ত বেচা কিনা প্ৰত্ৰিয়াটো কিমান দিনলৈ অব্যাহত থাকিব। এইটো লৈ সচেতন মহলত এটা ডাঙৰ প্ৰশ্ন। যেতিয়ালৈকে অভিভাৱক সকলে সন্তানৰ জীৱনৰ লক্ষ্য কটকটীয়া ভাৱে নিৰূপন কৰি দিয়া প্ৰক্ৰিয়া আমাৰ সমাজত চলি থাকিব তেতিয়ালৈকে ছিট কিনা বেচাৰ দৰে চূড়ান্ত ভ্ৰষ্টাচাৰী ব্যৱস্থাসমূহ আমাৰ সমাজৰ পৰাও আঁতৰ নহʼব। গ্ৰহণ কৰা প্ৰতিটো বৃত্তিৰে সমাজৰ উচ্চ মৰ্য্যদা আছে। লʼৰাছোৱালীক সঠিকভাৱে নিজৰ বাট নিৰ্ধাৰণ কৰাৰ স্বাধীনতা আৰু সুযোগ খিনি লʼৰাছোৱালীক দিব লাগে। তেতিয়াহে তেওঁলোকৰ নিজৰ ওপৰত আত্মবিশ্বাস বাঢ়িব, অভিভাৱকৰ প্ৰতি শ্ৰদ্ধা উপজিব আৰু সমাজে এচাম যোগ্য মানৰ সম্পদ লাভ কৰিব।