অভিনেত্ৰী ৰকুলপ্ৰীত সিঙলৈ ই ডিয়ে ৰ চমন প্ৰেৰণ

pc- Koimoi

অভিনেত্ৰী ৰকুলপ্ৰীত সিঙলৈ ই ডিয়ে ৰ চমন প্ৰেৰণ

অনলাইন বাৰ্ত্তাসেৱা– অভিনেত্ৰী ৰকুলপ্ৰীত সিং, অভিনেতা ৰাণা ডগ্গুবাতি, ৰবি তেজা আৰু চাৰ্মি কৌৰ সহ ১০জন শিল্পীক ৪ বছৰ পুৰণি হায়দৰাবদৰ টলিউড ড্ৰাগছ গোছৰত সোধপোছ কৰাৰ বাবে ই ডিয়ে চমন প্ৰেৰণ কৰিছে। উল্লেখ যে সুশান্ত সিং ৰাজপুত মৃত্যুৰ ঘটনাত ড্ৰাগছৰ প্ৰসংগটোৰ অনুসন্ধানৰ সময়তো নাৰ্কোটিক্স কণ্ট্ৰʼল ব্যুৰো চমুকৈ এন চি বিয়ে ৰকুলপ্ৰীত সিঙক জেৰা কৰিছিল। উক্ত গোচৰটোত ৰকুলক অভিযুক্ত হিচাপে গণ্য কৰা হোৱা নাই। ৬ ছেপ্টেম্বৰত ৰকুলপ্ৰীত সিং, ৮ ছেপ্টেম্বৰত ৰাণা ডগ্গুবাতি আৰু ৯ ছেপ্টেম্বৰত ৰবি তেজাক হায়দাৰাবাদস্থিত এ ডি কাৰ্যালয়ত তলব কৰা হৈছিল। টলিউডৰ চলচ্চিত্ৰ পৰিচালক পুৰী জগন্নাথক ই ডিয়ে ৩১ আগষ্টত তলব কৰিছে। ৰবি তেজাৰ গাড়ীচালক শ্ৰীনিৱাস আৰু ‘এফ’ ক্লাৱৰ পৰিচালন প্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অজ্ঞাত ব্যক্তি এজনকো ই ডিয়ে তৱব কৰিছিল।

 

(RT)