অ:ভা:বি: প: অসম প্ৰান্তৰ ৰাজ্যিক অধিৱেশনৰ সফল পৰিসমাপ্তি

অ:ভা:বি: প: অসম প্ৰান্তৰ ৰাজ্যিক অধিৱেশনৰ সফল পৰিসমাপ্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ সমাজ,সংস্কৃতি তথা ভাষা-সাহিত্যৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পুণ্যভূমি নগাঁৱৰ জিলা পুথিভঁৰালত অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ অসম প্ৰদেশৰ ২৭ তম্ ৰাজ্যিক অধিৱেশন যোৱা ইং ৯ জানুৱাৰি তাৰিখে সম্পূৰ্ণৰূপে ক’ভিড বিধি পালন কৰি সুকলমে অনুষ্ঠিত হৈ যায় । অসমৰ ৩২ খন জিলাৰ প্ৰায় ১০০ জন কার্যকর্তাই এই অধিৱেশনত আগভাগ লয় । বিদ্যার্থী পৰিষদৰ ধ্বজা উত্তোলন কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভণি হয় । যোৱা বছৰৰ পৰিষদৰ প্ৰত্যেকখন জিলাৰ কৰ্মৰাজিৰ মুকলি প্রদর্শনীয়ে অধিৱেশন স্থলীৰ সৌষ্ঠৱ বৰ্দ্ধিত কৰে । এই ৰাজ্যিক অধিৱেশনত্ অনুমোদিত হোৱা প্ৰস্তাৱ সমূহ হৈছে

১) ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰবৰ্তনৰ জৰিয়তে অসমৰ শিক্ষাব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰা ।

২) অসমৰ ভূমি,সংস্কৃতি আৰু ভাতৃত্ববোধ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত প্ৰস্তাৱ গ্ৰহণ ।

৩) লাচিত বৰফুকনৰ গৌৰৱোজ্জ্বল ৪০০ বার্ষিক জন্মজয়ন্তীৰ ওপৰত প্ৰস্তাৱ গ্রহণ ।

বিভিন্ন গুৰুত্বপূৰ্ণ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত হোৱা এই ৰাজ্যিক অধিৱেশনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অ:ভা:বি:প:ৰ ৰাষ্ট্ৰীয় সহ-সাংগঠনিক সম্পাদক মাননীয় শ্ৰী শ্ৰীনিৱাস ডাঙৰীয়া আৰু
অসম তথা ভাৰত গৌৰৱ ২০২০ টকিঅ’ অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদকপ্রাপ্ত মাননীয়া লাভলীনা বৰগোহাঁই ডাঙৰীয়ানী । এই অধিৱেশনতে ১২২ জন কার্যকর্তাৰে ২০২২-২৩ বৰ্ষৰ নতুন ৰাজ্যিক পূর্ণাংগ সমিতি গঠন কৰা হয় । অধিৱেশনত নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সম্পাদক মাননীয় ৰাকেশ দাস ডাঙৰীয়া,উত্তৰ-পূৱ ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক মাননীয় নীৰৱ ঘিলানি ডাঙৰীয়া, নৱনিৰ্বাচিত অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক মাননীয় অনুপ কুমাৰ ডাঙৰীয়া, ৰাজ্যিক সহ-সাংগঠনিক সম্পাদকদ্বয় ক্রমে মাননীয় নীৰজ চৌধাকৰ আৰু বিপুল ৰাভা ডাঙৰীয়া,নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি মাননীয় ৰবীন কাকতি ডাঙৰীয়া আৰু ৰাজ্যিক সম্পাদক মাননীয় সীমান্ত কুমাৰ বৈশ্য ডাঙৰীয়া উপস্থিত থাকে ।