অবিৰত যাত্ৰাৰ দুৰন্ত সৈনিক হোমেন বৰগোহাঞি ছাৰ – ডঃ মিজানুৰ ৰহমান ,শিঙিমাৰী ১ম খন্ড, ধৰ্মশালা, ধুবুৰী

pc-times8

অবিৰত যাত্ৰাৰ দুৰন্ত সৈনিক হোমেন বৰগোহাঞি ছাৰ

অনেক ইচ্ছা জাগিছিল কথা কবলৈ, কৰবাত লগ পাবলৈ, কিন্তু আফচোচ কথা কোৱাও নহ’ল, লগ পোৱাও নহ’ল। এতিয়া অনুভৱ কৰোঁ, হেৰুৱালোঁ, সুবৰ্ণ সুযোগ হেৰুৱালোঁ। ১২ মে, ২০২১ ৰ দিনাখন ৰাতিপুৱা সামাজিক মাধ্যমৰ জৰিয়তে বৰগোহাঞি ছাৰৰ পৰলোকপ্ৰাপ্তিৰ খবৰ পোৱাৰ লগে লগে অবিশ্বাস্যভাৱে স্তম্ভিত হৈ পৰিছিলোঁ। তেখেতৰ মৃত্যু  অপূৰণীয়, অবিশ্বাস্য, অগ্ৰহনযোগ্য কিন্তু মৃত্যুক কোনে খন্ডন কৰিব পাৰিব? হয়, ই অসমীয়া সাহিত্য জগতৰ বাবে দু:সংবাদ। কিন্তু কিছুমান মৃত্যুৰ খবৰ মানি লব’লৈ অত্যন্ত টান। তেখেতেই এই মৃত্যুক সহজভাৱে গ্ৰহণ কৰিবলৈ শিকাই থৈছিল যে মৃত্যু হ’ল জীৱনৰ অনিবাৰ্য্ পৰিণতি।কিন্তু এনে মৃত্যুৰ ক্ষতি, বহুমুখী প্ৰতিভাসম্পন্ন হোমেন বৰগোহাঞিৰ এই শূণ্য স্হান কোনে আৰু কেনেকৈ পূৰণ কৰিব? হোমেন বৰগোহাঞি কেৱল এটা নাম নহয়, ই হ’ল এটা অনুষ্ঠান। তেখতৰ জন্মই হৈছিল বিদ্যানুৰাগী  আৰু গ্ৰন্হ্যানুৰাগী পৰিয়ালত। পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্য আছিল অধ্যয়নপিপাসু আৰু ইয়ে তেখেতৰ শিক্ষা আৰু সমগ্ৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছিল। যাৰ নাম লিখিবলৈ গ’লে দীঘলীয়া উপাধিসমুহৰে অলংকৃত হয় তেখেতেই হ’ল প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, ঔপন্যাসিক কবি তথা গল্পকাৰ হোমেন বৰগোহাঞি। মই হোমেন বৰগোহাঞিৰ অগতানুগতিক আৰু ব্যতিক্ৰম ব্যক্তিত্বৰ বিচিত্ৰ দিশেৰে আকৰ্ষিত হোৱা মানুহ। কিন্তু কেৱল মইয়েনে? হোমেন বৰগোহাঞি ছাৰে তেখেতৰ লিখনিৰ জৰিয়তে সকলো মানুহক যিদৰে মোহাছন্ন কৰিছে, মানুহৰ মানসিক পৰিপুষ্টি সাধন কৰিছে, কোনে প্ৰভাৱিত নোহোৱাকৈ থাকিব? হোমেন বৰগোহাঞিদেৱে তেখেতৰ অগাধ জ্ঞানৰ জৰিয়তে অসমীয়া ভাষাক, অসমীয়া সাহিত্যক যি স্হানত বহুৱাই থৈ গ’লগৈ, সেয়া তেখেতৰ মৃত্যু হ’লেও তেখতেৰ লিখনি, কৰ্মৰাজিৰ মাজত চিৰকালৰ বাবে অমৰ হৈ ৰ’ব।

ইলেকট্ৰনিক মাধ্যমত ছাৰৰ কাৰ্য্যসুচী (কথা-বাৰ্তা) থাকিলে দিনটো উৎকন্ঠাৰে ৰৈ আছিলোঁ তেখেতৰ অসমীয়া শব্দৰ, বাক্যৰ সাধনা দেখিবলৈ আৰু শিকিবলৈ। বৰগোহাঞিদেৱৰ অনেক লেখাত স্বদেশী-আন্তৰ্জাতিক, ন-পুৰণি লেখকৰ প্ৰসংগ আলোকপাত হোৱাৰ পৰাই বুজা য়ায় তেখেতৰ অধ্যয়নৰ বিশালতা, গভীৰতা আৰু স্মৃতিৰ তীব্ৰতা। ‘বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি’ত ছাৰে নিজে উল্লেখ কৰিছে ‘স্মৃতি অবিহনে মানুহৰ জ্ঞানৰ ভান্ডাৰ গঢ়ি নুঠিলেহেঁতেন, আৰু জ্ঞানৰ ভান্ডাৰ অবিহনে সভ্যতা-সংস্কৃতিৰ সৃষ্টিও সম্ভৱ নহ’লহেঁতেন’। বৰগোহাঞিদেৱে নিজে স্বুস্বাস্হ্যৰ অধিকাৰী হৈ তেখেতৰ ‘স্বাস্হ্য’ ত বৰ্ণনা কৰি গৈছে স্বাস্হ্যৰ প্ৰতি যত্নৰ প্ৰয়োজনীয়তা আৰু লগতে কিদৰে সহজে ধুমপান ত্যাগ কৰিব পাৰি তাৰো বিৱৰণ কৰিছে। হোমেন বৰগোহাঞিৰ আন এখন লেখত ল’বলগীয়া উপনাস ‘অস্তৰাগ’ ৰ মাজেদি ঔপন্যাসিক বাৰ্ধক্যই গ্ৰাস কৰা মানুহৰ  বৃদ্ধাৱস্হাটোক সুন্দৰকৈ উপস্হাপন কৰি দেখুৱাৰ লগতে জীৱন সম্পৰ্কে অনেক গুৰুত্বপূৰ্ণ কথা উদঘাটন কৰিছে। ‘পিতা পুত্ৰ’ গ্ৰন্হখনৰ বাবে অসমীয়া সাহিত্য একাডেমী বঁটা প্ৰাপ্ত হোমেন বৰগোহাঞিদেৱে প্ৰধানত: মানবীয় মৰ্য্যাদাৰ বিষয়টোক অধিক গুৰুত্ব সহকাৰে উত্থাপন কৰা উপন্যাসখন হ’ল ‘সুবালা’।

নিশ্চিতকৈ অবিৰত যাত্ৰাৰ দুৰন্ত সৈনিক হোমেন বৰগোহাঞি ছাৰৰ উপস্হিতিয়ে চহকী কৰিলে অসমীয়া সাহিত্য, যাৰ লেখাত শব্দৰ সাধনাই জীয়াই ৰাখিছে অসমীয়া ভাষা তাৰ অৱদান, মহানুভৱতা জীয়াই থকিব অনন্তকাললৈ। বৰগোহাঞিদেৱে প্ৰকাশ্যে তথা গোপনে বহুতো প্ৰেৰণা যোগাই সৃষ্টি কৰি থৈ গ’ল অনেক লেখক, গল্পকাৰ, কবি, গদ্যকাৰ. কাৰোবাৰ বাবে ইয়াতকৈ আৰু ডাঙৰ স্বীকৃতি থাকিব পাৰেনে? মোৰ দৰে সুপ্ত প্ৰতিভাইও কিছু পৰিমানে জাগ্ৰত হ’ব পাৰিছে কেৱল তেখেতৰ সৃজনশীলতাৰে সমৃদ্ধ লেখা তথা কৰ্মৰাজিৰ প্ৰতিফলনৰ বাবে। কিংবদন্তি পূৰুষ হোমেন বৰগোহাঞি ছাৰৰ এই অৱদান আৰু সাগৰসদৃশ চিন্তাচেতনাক শ্ৰদ্ধাৰে সোৱৰিছোঁ।

 

 

ডঃ মিজানুৰ ৰহমান

শিঙিমাৰী ১ম খন্ড, ধৰ্মশালা, ধুবুৰী

দূৰভাষ৯৩৬৫০-৮২৯৮২