“অবাঞ্ছিত” – সংগীতা গোস্বামী

pc Unsplash

অবাঞ্ছিত

সংগীতা গোস্বামী

শীতল পৰশ লগা ৰূপালী খাৰু ডাল পিন্ধি তেওঁ নিজে গঢ়া পাহাৰটোলৈ ঘূৰি চালে। তাতে তাইক সকলোৱে লক্ষ্য কৰিলে শুকুলা দলিচাত শান্তিৰ সুখনিদ্রাত।

খাকী বৰণৰ বাহনখনত বহোতে তেওঁৰ চকুত দোলা দি থাকিল পৰকীয়া দৃশ্যটো।

ৰূপম চলীহাই চাহত থকা চিৰশান্তিৰ ঔষধটোৰ গোন্ধটো ঠিকেই ধৰিব পাৰিলে।