অপৰূপা গ্ৰুপৰ এক ব্যতিক্ৰমী অনুষ্ঠান

 অপৰূপা গ্ৰুপৰ এক ব্যতিক্ৰমী অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা– অপৰূপাই  মহানগৰীৰ ৰুক্মণীগাঁওৰ ৰংগ মঞ্চত বাৰ গৰাকী বিশেষ মহিলাক আৰ্থিকভাৱে সাহায্যৰ লগতে বঁ‌টা প্ৰদান কৰে৷ তেওঁলোক হৈছে ইৰিক্সা চালক পুষ্পলতা দাস , বিশেষভাৱে সক্ষম ইৰিক্সা চালক আৰফিনা খাতুন , ৰিংকুমণি কলিতা এগৰাকী অন্ধ যুৱতী যি গৰাকীয়ে গান গায় জীৱন নিৰ্বাহ কৰে , মূৰত তিনিটাকৈ চিলিণ্ডাৰ লৈ ঘৰে ঘৰে যোগান ধৰা ভাৰতী দাস , লোহাৰ ভঙা চিঙা বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা ৱাহিদা বেগম , ছৰিপন নেচাকে  আদিক শিক্ষাবিদ  ড° দয়ানন্দ পাঠক ,বিশিষ্ট অভিনেতা নিপন গোস্বামী , সাহিত্যিক মণিকুন্তলা ভটাচাৰ্য , মাইনী মহন্ত , মৃদুলা বৰুৱা , ভায়োলেট বৰুৱা , ৰীতা ভূঞা , ডাঃ মৃন্ময় কুমাৰ নাথ , ডা° জয় বৰা , ৰনাল্ডো টাইদ , কিংকিনি ভট্টাচাৰ্য আদিৰ উপস্থিতিত এই ব্যতিক্ৰমী নাৰী সকলক তেওঁলোকৰ হাতেৰে বঁ‌টা প্ৰদান কৰা হয়৷ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত নিজৰ কৰ্মৰে জিলিকি থকা বহু কেইগৰাকী আদৰ্শময়ী  নাৰীক ’অপৰূপা মহিয়সী নাৰী বঁটা ২০২২’ বঁ‌টাৰে বিভূষীত কৰে । তেওঁলোক হ’ল মণিকুন্তলা ভট্টাচাৰ্য , মৃদুলা বৰুৱা , মাইনী মহন্ত ,  প্ৰিয়ংকা ভৰালী , ডা° অক্সটা নাৰায়ণ , ডাঃ ৰীতা ভূঞা , ভায়োলেট বৰুৱা , ড° বৰ্ণালী শৰ্মা বৰুৱা , মৌচুমী বৰাক ৷শিক্ষাবিদ ড° দয়ানন্দ পাঠকৰ উপস্থিতিত অপৰূপা প্ৰকাশন উন্মোচন কৰাৰ লগতে ঊষামণি শইকীয়াই সম্পাদনা কৰা অপৰূপাৰ মুখ্যপত্ৰ ’অপৰূপা’ উন্মোচন কৰে । অপৰূপা প্ৰকাশনৰ প্ৰথমখন গ্ৰন্থ  কবি লেখিকা চুমী ৰহমানৰ ’বিহগী মন’ কাব্যগ্ৰন্থৰো উন্মোচন কৰে৷অপৰূপাৰ মুখ্য উপদেষ্টা ৰুমী ভূঞা , সভাপতি আনজুমা আহমেদ , প্ৰতিষ্ঠাপক সম্পাদক ৰুণা লাইলাই আন আন ক্ষেত্ৰত বুৎপত্তি লাভ কৰা কেইবাগৰাকী নাৰী যেনে সচ্ছ অভিযান কৰ্মী ৰুণুমী গগৈ , সংগ্ৰামী নাৰী পল্লৱী বৰুৱা , মিনু হাজৰিকা , ক্ৰিয়েটিভ ডাৰেক্টক মৌচুমী বৰা , মহিলা ড্ৰাইভিং প্ৰশিক্ষক দৰ্শণা সেনগুপ্তা , মঞ্জুলিকা সিংহ , ডা° ইৰা বিশ্বাস , বিশেষভাৱে সক্ষম কবি হিয়া দাস , লক্ষীমাই দাস , ডেলিভাৰী গাৰ্ল প্ৰিয়ংকা দাসকে আদি কৰি বহু কেইগৰাকী  নাৰীক সম্বৰ্ধনা জনায় । অপৰূপাই অনলাইন যোগে অনুষ্ঠিত কৰা গল্প প্ৰতিযোগিতাৰ বঁ‌টাও প্ৰদান কৰে । লগতে অনলাইনত অনুষ্ঠিত কৰা মেক আপ প্ৰতিযোগিতা , মিছ অপৰূপা , মিছেছ অপৰূপা প্ৰতিযোগিতাৰো ফাইনেল ৰাউণ্ড উক্ত মঞ্চতেই দৰ্শকৰ উপস্থিতিত বিচাৰক কিংকিনী ভট্টাচাৰ্য , কল্যানী বৰ্মন  , কস্তুৰী ডি কলিতা , সংগীতা দেৱী , গংগা চৌধুৰীয়ে  নিৰ্বাচিত কৰে বিজয়ী প্ৰতিযোগী সকলক ।  অপৰূপাৰ আন এগৰাকী  সম্পাদক বন্দনা বৰুৱাই অপৰূপাৰ  এই ব্যতিক্ৰমী অনুষ্ঠানটিৰ সুন্দৰ আৰু সফলভাৱে পৰিচালনা কৰে । অপৰূপাৰ প্ৰতিষ্ঠাপক সম্পাদক ৰুণা লাইলাই  অনুষ্ঠানত উপস্থিত থকা প্ৰায় ৫০০ গৰাকী ব্যক্তিকেই আদৰণি জনায়৷