অপৰাধ প্ৰবনতা , মিঞা মুছলমান আৰু অসম — ফখৰুদ্দিন আহমেদ

pc-scroll.in

অপৰাধ প্ৰবনতা , মিঞা মুছলমান আৰু অসম
~~~~~

ফখৰুদ্দিন আহমেদ

অসমত মুছলমানৰ আগমন আৰু বসতিৰ সম্পৰ্কত ইতিহাস প্ৰসিদ্ধ কথা হ’ল ১২০৮ খ্ৰীষ্টাব্দত ধৰ্মান্তৰিত হৈ ইছলাম গ্ৰহন কৰা আলি মেছ নামৰ ব্যক্তি গৰাকী। তাৰ পিছৰ ইতিহাস ইতিহাস কিছু বহল পৰিসৰৰ। মোগলৰ অসম আক্ৰমনত ৰৈ যোৱা সৈনিক আৰু বিভিন্ন ইছলাম ধৰ্মীয় পীৰ , আউলিয়াৰ সংশ্ৰবত আহি ইছলাম ধৰ্ম গ্ৰহন কৰা স্থানীয় অসমীয়া লোক সকল। এই সকলৰ ভিতৰত গৰিয়া , মৰিয়া , দেশী আৰু জলহা আদিয়েই প্ৰধান । এই সকল মুছলমানক সম্প্ৰতি খিলঞ্জীয়া মুছলমান বুলি জনা যায়।
পৰাধীন ভাৰতবৰ্ষত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী চাৰ চৈয়দ ছাদুল্লাই কৃষি কৰ্মত নিয়োগ কৰিবলৈ বংগ আৰু অবিভক্ত ভাৰতৰ বৰ্তমান বাংলাদেশৰ মৈমনসিংহ জিলাৰ পৰা কিছুমান লোকক আমদানি কৰি আনিছিল। সেই যি সোঁত বহু শতিকাজুৰি চলি থাকিল অসমলৈ তাকো ভাৰত স্বাধীন হোৱাৰ পিছতো। এনেকৈয়ে অসমত নতুনকৈ এটি গুৰুত্বপূৰ্ন সমস্যাৰ সৃষ্টি হ’ল সেয়া অবৈধ প্ৰব্ৰজনকাৰীৰ বিদেশী সমস্যা।
ইং ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অসমত সংঘটিত হোৱা অসমৰ অস্তিত্ব ৰক্ষাৰ সুবৃহৎ সংগ্ৰামেও বিশেষকৈ ৰাজনৈতিক কাৰনত আন্দোলনৰ মূল উদ্দেশ্য সাম্প্ৰতিক সময়লৈ সিদ্ধি নহ’ল। অসম আন্দোলনৰ নেতৃত্ব লোৱা তদানিন্তন সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গন সংগ্ৰাম পৰিষদৰ নেতৃত্বত গঠিত হোৱা অসম গন পৰিষদ দলৰ চৰকাৰ অসমত বিগত সময়ত দুবাৰকৈ শাসনৰ গাদীত অধিষ্ঠিত হ’ল যদিও আঙুলিৰ মুৰত লেখিব পৰাকৈ কেইজন মান তথাকথিত অবৈধ বাংলাদেশীক বিতাৰন কৰা হ’ল। মুঠতে মূল উদ্দেশ্যলৈ কোনেও মনত নকৰিলে নাইবা আন্দোলনত শ্বহীদ হোৱা ৮৫৫ জন অসমীয়া ডেকা লৰাৰ কেচা তেজৰ মূল্য দিবলৈ একপ্ৰকাৰ অপৰাগতা প্ৰকাশ কৰিলে।
বাংলাদেশী মূলৰ এই মুছলমান সকলক অসমত মৈমনচিঙা বা মিঞা মুছলমান বুলি জনা যায়। এই সকলৰ বাসস্থান মূলত লুইতৰ বুকুত গঢ় লৈ উঠা চৰ চাপৰি অঞ্চল। এই সকল লোকক লৈ হোৱা সমস্যাটো হ’ল পুৰ্ব স্বাধীনতা কাল আৰু স্বাধীনতাৰ পিছৰ পৰা অবৈধ ভাবে প্ৰব্ৰজন কৰি অসমলৈ বাংলাদেশী লোক সকল লুইতৰ চৰ চাপৰি অঞ্চলত একেকাৰ হৈ বসবাস কৰা আৰম্ভ কৰি দিলে। যাৰ ফলত নাগৰিকৰ জৰিপৰ সময়ত পুনৰ এক শ্ৰেনীৰ ” সন্দেহযুক্ত” নাগৰিকৰ সৃষ্টি হ’ল। এয়াও অসমৰ জনগাথনিত আন এক সমস্যাৰ সৃষ্টি কৰিলে। যিসকলক এৰিবও নোৱাৰি আৰু অসমৰ নাগৰিক বুলি ধৰিবও নোৱাৰি।
উল্লেখিত দুটি সমস্যাৰ বাহিৰেও আন বহু সমস্যা এই সকলৰ মাজত বিদ্যমান।সেই বিলাকৰ ভিতৰত আইন , আদালত আৰু প্ৰশাসনে প্ৰায় ঢুকি নোপোৱা এই চৰ চাপৰিবোৰত চলে দেৱানি নামৰ সমাজৰ অশিক্ষিত লোক সকলৰ দ্বাৰা স্থানীয় আদালত ,য’ত বিচাৰ বা ন্যায় প্ৰদানৰ নামত চলে দোষীৰ ওপৰত অকথ্য শাৰীৰিক নিৰ্যাতন , শিক্ষাৰ প্ৰতি অনুৰাগহীনতা আৰু শিক্ষিত সকলক উপেক্ষা কৰি চলাৰ তীব্ৰ মানসিক প্ৰবনতা , বাল্য বিবাহ আৰু জন্ম নিয়ন্ত্ৰনহীনতা , ধৰ্ষন ,চোৰ , ডকাইটি, ড্ৰাগছ সেৱন তথা সৰবৰাহ , গৰুৰ অবৈধ সৰবৰাহ ইত্যাদি ইত্যাদি। মূলত ইছলাম ধৰ্মী এই সকল লোকে বিনা কাৰনত একাধিক মহিলাক বিবাহ কৰাতোও প্ৰায় ভাগ পুৰুষৰ এটি অনৈতিক চখ।
অসমত অপৰাধ প্ৰবনতা সকলো ধৰ্মৰ , সকলো জনগোষ্ঠীৰ মাজতেই দেখা পোৱা যায় ।কিন্তু যদি তুলনা কৰা যায় তেতিয়া দেখা যায় এই প্ৰবনতা মুছলমান সকলৰ মাজত বেছি। অনুসন্ধান আৰু পৰ্যালোচনা কৰিলে দেখা যায় যে শতিকা শতিকা জুৰি অসমত বসবাস কৰি অহা খিলঞ্জীয়া মুছলমান সকল এই অপৰাধ প্ৰবনতাৰ পৰা প্ৰায়েই মুক্ত। অপৰাধপ্ৰবন এই আলি , ৰহমান , আহমেদ , বাদশ্বা আদি উপাধিৰ এই সকল লোক সেই ওপৰত উল্লেখ কৰা বাংলাদেশীমূলৰ মৈমনচিঙা বা মিঞা মুছলমান সকল।
কিছুমানে চ’চিয়েল মেডিয়াত যক্তি আগবঢ়াই যে আন ধৰ্মৰ মানুহে অনৈতিক কামত লিপ্ত হ’লে হৈ হাল্লা নহয় মিঞা কেইটাই কৰিলে কিয় হয় ? ইয়াৰ কাৰন স্বৰূপে উল্লেখ কৰিব পাৰি যে মিঞা সকল মুছলমান আৰু যিবোৰ অনৈতিক আৰু অসামাজিক কামত তেওলোক জৰিত হয় সেইবোৰ কোনো মুছলমানৰ দ্বাৰা সংঘটিত হ’বই নোৱাৰে। যিয়ে এইবোৰ কামত লিপ্ত হয় ইছলাম ধৰ্ম মতে তেওলোক মুছলমান হৈ থাকিবই নোৱাৰে।
হত্যা , লুন্ঠন , ধৰ্ষন , কটাকটি , মাৰামাৰি , ড্ৰাগছ সেৱন আৰু সৰবৰাহ , গৰুৰ অবৈধ সৰবৰাহ ইত্যাদিত সম্প্ৰতি অসম চৰকাৰৰ আৰক্ষী বিভাগে চলোৱা অনুসন্ধানত গ্ৰেপ্তাৰ হোৱা সকলৰ প্ৰায় ভাগেই মিঞা মুছলমান। এয়া কেৱল সেই জনগোষ্ঠীটোৰ বাবেই বদনামৰ কাৰন নহয় এয়া শান্তিৰ ধৰ্মৰূপে বিশ্বত সমাদৃত ইছলাম ধৰ্ম তথা অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ বাবেও সমানেই বদনামৰ কাৰন। কিছুমান অন্যধৰ্মৰ লোকে বুজি নাপাই ইছলাম ধৰ্ম আৰু মুছলমান সকলক চ’চিয়েল মেডিয়াত অকথ্য গালি গালাজ কৰা পৰিলক্ষিত হয়।
অসম চৰকাৰে অবেধ প্ৰব্ৰজনকাৰীৰ সমস্যাটি আন্তৰিকতাৰে সমাধান কৰিবলৈ আগবাঢ়িলে আৰু আৰক্ষী প্ৰশাসন কঠোৰতকৈ কঠোৰতম হ’লে নিশ্চয় এই অসামাজিক আৰু অনৈতিক কাৰ্যবোৰ অসমত নিয়ন্ত্ৰন হ’ব।
লগতে ভাৰতৰ স্বাধীনতাৰ পূৰ্বে অসমলৈ অহা বাংলাদেশীমূলৰ মিঞা মুছলমানখিনিয়ে শিক্ষা, সামাজিক , আৰ্থিক আৰু তথাকথিত দেৱানী প্ৰথাৰ বিলুপ্তি ঘটাবলৈ নিজৰ জনগোষ্ঠীটোৰ মাজতেই এটি আন্দোলনৰ সূচনা কৰিব লাগিব আৰু অবৈধ ভাবে প্ৰব্ৰজন কৰি আহি অসমত বসবাস কৰি থকা সকলক অসমৰ পৰা বিতাৰনৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনক সহায়ৰ হাত আগবঢ়াব লাগিব।
অসমত বসবাস কৰি থকা খিলঞ্জীয়া মুছলমান সকলৰো দায়িত্ব অপৰিসীম । অসমৰ সাহিত্য , সংস্কৃতি , শিল্পকলা , ভাষ্কৰ্য আৰু কলা ইত্যাদিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগভাগ ল’ব লাগিব। কাৰন অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ পুৰ্বপুৰুষ সকলে অসমত বসবাস কৰা অন্য ধৰ্মী তথা জাতি জনগোষ্ঠীৰ লগত লগ লাগি ভাৰতৰ স্বাধীনতা সংগ্ৰামকে ধৰি সকলো ক্ষেত্ৰতে আন্তৰিকতাৰে অবদান যোগাই আহিছে। উত্তৰ পুৰুষ সকলে সেই ঐতিহ্যক অন্তকৰনেৰে আকোৱালি লোৱাহে প্ৰধান কৰ্তব্য বুলি সাম্প্ৰতিক সময়ৰ একান্ত প্ৰয়োজনীয় দাবী।