অপেক্ষা- ৰাজলক্ষ্মী বৰঠাকুৰ

pc the Way women Work

অপেক্ষা

সেইদিনা কলেজ তিনিআলিত
গাড়ীৰ বাবে ৰৈ থাকোতে
তোমাক দেখা পালো,
নেজানো তোমাৰ চকু যুৰিত
কি আছে ?
তোমাৰ চকু যুৰিয়ে
মোক মুগ্ধ কৰে ,
চকু যুৰি দেখাৰ লগে লগে
মোৰ দুখ -ভাগৰ
সকলো আঁতৰি যায়
পিছদিনাখন কলেজত
কম বুলি ভাবিছিলোঁ
তোমাৰ চকুত চকু থৈ
মোৰ মনৰ কথাবোৰ
কিন্তু কবলৈ ভয় লাগিল
তুমি বা মোৰ কথা কি ভাবা
মাথো এটা অপেক্ষা . …

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট