অপেক্ষা -প্ৰস্তুতি শৰ্মা

Pc Pinterest

অপেক্ষা

জোনাক সৰা প্ৰতিটো ৰাতি সি আজিও উচুপি উঠে ।তাৰ ভগ্ন হৃদয়ৰ কাহিনীবোৰ বুকুত লৈ । বিশাল আকাশৰ একোনত ৰৈ থকা জোনবাই জনীক সি কেতিয়াবা প্ৰশ্ন কৰে মই কিয় সফল হ’ব নোৱাৰিলো বাৰু? মই ইমান বেয়া নে ? আজিও জানা তাইক বৰ ভাল পাওঁ অ ? কিন্তু কিয় হ’ল মোৰ লগত এনেকুৱা ? প্ৰেম জানো পাপ হ’ব ? কিয় কিয় প্ৰেম কৰাটো জানো অপৰাধ । অ মোৰ ধুনীয়া জোন জনী কিয় ইমান তোমাৰ মন আজিও অভিমানী । প্ৰতিটো ৰাতি সি বাট চাই হয়তো ৰাতিৰ শেষত নতুন প্ৰভাত অহাৰ দৰে ।তাইও তাৰ জীৱনলৈ আহিব বুলি ।

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়