অন্ধকাৰত দুটি ছাঁয়া- পাৰ্থপ্ৰতীম শৰণীয়া

PC123Rf

অন্ধকাৰত দুটি ছাঁয়া

বেলিটি লুকায় অন্ধকাৰে অন্ধকাৰে
গছৰ ডালত দুটি ছাঁয়া এটি চাকি,
নদীৰ দৰে বৈ সময়নো কত ৰয়
বহু বসন্ত বহু ফাগুন সাক্ষী।

যৌৱন বোকোছাত সুগন্ধি কুসুম
প্ৰতিশ্ৰুতি সপোন মনৰ বান্ধোন,
মুখত হাঁহি পিন্ধা দুটি ছাঁয়াৰ
ভাষা গুণ গুণ নূপুৰ ৰুণ-জুন।

ছন্দ চঞ্চলা কবিতা লগনত
নিৰ্মল পৰাণ মগন নিমজ অভিযোগত,
চেনেহ সৰা উজাগৰী ৰাতিবোৰ
নাই ৰিক্ততা নাই তিক্ততা হৃদয়ত।

পাৰ্থপ্ৰতীম শৰণীয়া
তামুলপুৰ