অনুৰ্ধ-১৯ এছিয়া কাপত পাকিস্তানে ভাৰতক অন্তিম বলত পৰাস্ত কৰে

Pc People News Chronicle

অনুৰ্ধ-১৯ এছিয়া কাপত পাকিস্তানে ভাৰতক অন্তিম বলত পৰাস্ত কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-পাকিস্তানী ক্ৰিকেট দলে পুনৰ এবাৰ খেলৰ ক্ষেত্ৰত ভাৰতীয় ক্ৰিকেট দলক পৰাস্ত কৰে। ডুবাইত অনুষ্ঠিত অনুৰ্ধ-১৯ এছিয়া কাপৰ খেলখনত পাকিস্তানে ভাৰতক ২ উইকেটত পৰাস্ত কৰে।এই ৰোমাঞ্চকৰ খেলখনত ভাৰতৰ দলে প্ৰথমে বেটিং কৰি ৪৯ অভাৰত ২৩৭ ৰাণ সংগ্ৰহ কৰিছিল।কিন্তু ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে ৮ টা উইকেট হেৰুৱাই এই লক্ষ্য প্ৰাপ্ত কৰি জয়লাভ কৰে। মুহাম্মাদ শ্বেহজাদে পাকিস্তানৰ হৈ সৰ্বাধিক ১০৫ টা বলত ৮১ ৰাণ সংগ্ৰহ কৰে।