অনুভৱ মোৰ প্ৰীতি ৰ স্মৃতি- মানসী মিশ্ৰ

Pc Pinterest

অনুভৱ মোৰ প্ৰীতি ৰ স্মৃতি

মানসী মিশ্ৰ

এইঅফিছত আছিলোঁ কাম এটা কৰি। ম’বাইল ফোনটো বাজি উঠিল।মন কৰিলো মই গৱেষণাত সহযোগিতা আগবঢ়াই থকা ত্ৰিদিপৰ ফোন। গোৱালপাৰাৰ পৰা মোলৈ ফোন কৰিছে দুদিন আগতে মোৰ ওচৰলৈ আহি গৱেষণাৰ লগত জড়িত কিছু বিষয় ,কিছু কথা আলোচনা কৰি গৈছে।মোৰ লগত আলোচনা কৰা ধৰণেই তেওঁ গোৱালপাৰালৈ গৈছে আৰু তাত গৈ কাম খিনি কিছুআগবঢ়াৰ লগে-লগে মোক জনাবলৈ ফোনটো কৰিছে ,হয়তো এয়াই তেওঁৰ সামাজিকদ্বায়বদ্ধতা ৰ পৰিচয়।

বিভিন্ন সামাজিক স্বীকৃতি প্ৰাপ্ত পদ্মশ্ৰী বীৰুবালা ৰাভা বাইদেউ ৰ ওচৰলৈ গৈছে মোৰ লগত আলোচনা কৰা ধৰণেই । সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিছত ,এক বাঘৰ ব্যাধিয়ে বাইদেউ ৰ শৰীৰত আক্ৰমণ কৰি থকাৰ পিছতো বাইদেৱে ত্ৰিদিপৰ লগত যিমান কিনা সহযোগিতা আগবঢ়াইছে , কৰে তেওঁলোককবাইদেউ ৰ সহজ সৰল ব্যৱহাৰ ,এই সকলো কথাই ত্ৰিদিপৰ বাইদেউ ৰ প্ৰতি শ্ৰদ্ধা দুগুণে বঢ়াইছে।বাইদেউ আৰু তেওঁৰ সহযোগী সকলে কি এক দূৰ্বিসহ পৰিবেশত এই অন্ধবিশ্বাস ৰ বিৰূদ্ধে সজাগতা আগবঢ়াই আছে সেয়া নেদেখিলে ভাবিবও নোৱাৰি ।অতি দুৰ্গম, শিক্ষা দীক্ষা অতি পিচপৰা অঞ্চলৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ যাওঁতে বাইদেউ আৰু তেওঁৰ সহযোগী সকলে কি যন্ত্ৰণা ৰ মুখা মূখি হয় সেয়া টাউন চহৰৰ নিয়ন লাইট ৰ পোহৰত থাকি ভাবিব নোৱাৰি । তথাপিও বাইদেউ হঁতৰ মেন দুখ ভাগৰ নাই,মুখৰ পৰা হাঁহি নুগুচেই । আধুনিক শিক্ষাৰে শিক্ষিত মানুহ ক বাইদেৱে বিভিন্ন উদাহৰণেৰে সৈতে বূজাইছে।বাহিনী যেএক অন্ধবিশ্বাস সেই কথা ভবাই তুলিবলৈ সমৰ্থ হৈছে। বাইদেউ ৰ যেন কতো দুখ ভাগৰ নাই।
ডাইনীৰবিৰুদ্ধে মাত মাতি য়ে বাইদেউ আগবাঢ়ি গৈছে। বিভিন্ন ঠাইৰ মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে।খুব সহজ সৰল বাইদেউ । অন্ধ বিশ্বাস আৰু কুসংস্কাৰেৰে ভৰা সমাজত বাইদেৱে সাহসেৰে যিখিনি কৰি গৈছে সেয়া নিসন্দেহে শলাগিব লগীয়া ।সমাজত নিজকে আধুনিক বুলি ভবা যিসকল লোকে এতিয়াও ডাইনীবিশ্বাসকৰে তেওঁ লোকক বুজাবলৈ সমৰ্থ হৈছে,এয়া ৰে আচলতে অন্ধবিশ্বাস ।

চৰকাৰে ডাইনী প্ৰথাৰ দৰে সংবেদনশীল বিষয়টৈৰ ওপৰত গুৰুত্ব দিলে বাইদেউ হঁতৰ দৰে সাহসী মহিলা সকলে সমাজত এই কুপ্ৰথা সমুহ নিৰ্মূল ৰ বাবে অধিক আগ্ৰহী হ’ব । বাইদেউ হঁতৰ দৰে ব্যক্তিৰ জৰিয়তে বহল পৰিষৰত 2018 ত ‌বলবৎ হোৱা বাহিনীৰ বিৰুদ্ধে প্ৰতিৰোধ আৰু নিৰ্মূল কৰোঁ আইন খনৰ ওপৰত সজাগতা হব লাগে। সকলো স্তৰৰ ৰ মানূহে ভালদৰে সজাগ হ’লে ইয়াৰ ভয়াবহতা কমি যাব।চৰকাৰে এই বিষয়টো অধিক গুৰুত্ব দিয়ক। জিলা উপায়ুক্ত ৰ সামাজিক উন্নয়নৰ নিধিৰ জৰিয়তেও জিলাখনত সমাজ পৰি বৰ্তনৰ কামত ভালদৰে আগবাঢ়িব পাৰি ।এনেকুৱা ভয়াবহ সমস্যা এটা একেদিনতে নিৰ্মূল নহয় । সকলো স্তৰ ৰ ব্যক্তিৰ উৎসাহ,সযোগিতাৰ দৰকাৰ হয়।সহজ সৰল বীৰুবালা বাইদেৱে কালৈকো ভয় নকৰি সমাজ পৰিবৰ্তনৰ বাবে কাম কৰি আছে। বাইদেউ হঁতৰ দৰে মহিলাক এই ভয়াবহ কুসংসস্কাৰৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে সহায় কৰক। বাইদেউ হঁতৰ দৰে সাহসী মহিলা আছিল একবিংশ শতিকাত আমাৰ আধুনিক সমাজত অন্ধবিশ্বাস ৰ বিৰুদ্ধে এক আদৰ্শ হওঁক।