অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি- মানসী মিশ্ৰ

Pc Wikimedia Commons

অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি

মানসী মিশ্ৰ

ৰাতিপুৱা সেউজ সুন্দৰ পৰিবেশৰ মাজেৰেই যাত্ৰা কৰিছিলোঁ। বৰপেটা লৈ । সকলো ফালে নিৰ্মল পুৱাৰ আবেশ।বৰপেটা আমাৰ অফিচ ত মিটিং এখন আছে ।সেইখন উদ্দেশ্যি বৰপেটালৈ মাত্ৰা । গুৱাহাটী ৰ পৰা গাড়ী চালক বুবুল আৰু ম ই। অকলশৰীয়া যাত্ৰাটোত বুবুলে ইটো সিটো কথা পাতি গৈ থাকিল ।খুব দ্বায়িত্ব নীল ,বিনয়ী স্বভাৱৰ ল’ৰা । এনেদৰেই গৈ আছিলোঁ ।ঠিক বৰপেটা পাওঁ পাওঁ হৈছিলোঁ হে।চেঙা নামৰ ঠাইখনৰ বৰপেটা অফিচ ৰ দুগৰাকী সহকৰ্মী ৰৈ আছিল উদ্দেশ্য চেঙা ৰ ভিতৰুৱা অঞ্চল এখনত মিটিং এখনত উপস্থিত থকা।আমি সময়মতে সেইকাম খিনি কৰি আহি বৰপেটালৈ ৰোৱা মূল পথত উঠিছিলোঁ।

সমুখত দেখিলোঁ গুলীয়াগুলী আৰম্ভ হৈছে ।এক ভাবিব নোৱাৰা ভয়ানক পৰিবেশ ।ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৰ প্ৰতিবাদ সাব্যস্ত কৰি এক বৃহৎ সমদল ওলাই আহিছিল। প্ৰথমে দুয়ো পক্ষ ৰ মাজত হতাহতি , পিছলৈ একেৰাহে গুলী বৰ্ষণ। সেইহে পথ ৰ ওপৰত গাড়ী বহু সময় ধৰি আৱদ্ধ হৈ পৰিছিল।আমাৰ কিছু ভয় অনুভৱ হৈছিল যদিও সেই সময়ত বিশেষ কৰিব লগা ও নাছিল।গতিকে ভগৱানে নাম লৈ গাড়ীৰ ভিতৰতে বহি আছিলোঁ।মোৰ লগৰ সহকৰ্মী এগৰাকী য়ে ভয়ত খান্দিবলৈ ধৰিলে ম ই মাথো তেওঁ ক বুজালো ,এই সময়ত ধৈৰ্য্য ধৰাৰ বাহিৰে আন উপায় নাই্।

এনেতে ৰাস্তা ৰ কাষতে থকা পৰিয়ালৰ সদস্য দূজন ওলাই আহি আমাক মাতি লৈ গ’ল ,আছে বেলেগ।সুন্দৰ ব্যৱহাৰেৰে আমাক বহিবলৈ দিলে। মানুহৰ অৰ্থনৈতিক ভাৱে বহুত দুৰ্বল আছিল যদিও আমাক যিখিনি মৰম চেনেহ কৰিছিল ।সেইখিনি অতুলনীয়। অনুভৱ কৰিছিলোঁ ভালদৰে যে মানুহৰ সঁচা আন্তৰিকতা ধনত নাথাকে ,মানুহৰ মনতহে থাকে গুলীয়াগুলী পাম কটাৰ পিছত আমি তেওঁ লোকৰ প্ৰতি বিদায় লৈ বৰপেটালৈ ৰাওনা হৈছিলোঁ । আজিও তেওঁ লোকৰ সেই নিভাঁজ মৰমৰ কথা মনলৈ আহিলে শ্ৰদ্ধাত মূৰ দোঁ খাই যায় ।

বৰপেটা অফিচ পাইছিলোঁ কিছু দেৰিকৈ ।ওচৰৰ SP অফিছটো হোৱা হেতুকে , সেইখিনি উৎপাত অলপ বেছিকৈ হৈছিল ।গৈয়ে আমাৰ কামকাজ সমূহ আৰম্ভ কৰিছিলোঁ আৰু তথা সময়ত শেষ কৰিছিলোঁ। গৈ পোৱাৰ পিছতেই সান্ধ্য আইন আৰম্ভ হৈছিল। গধূলি মাত্ৰ এঘন্টা সময় ৰ বাবে উঠাই দিয়া হৈছিল এই সান্ধ্য আইন । পিছদিনা ৰ পৰা অনিৰ্দিষ্ট সময় লৈ সান্ধ্য আইন জাৰি কৰা হৈছিল। গতি কে থাকিম বুলি গৈছিলো যদিও সিদ্ধান্ত সলনি কৰিব লগা হল।

সন্ধিয়া সাত বজাত বৰপেটা ৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিলোঁ ।গাড়ী চালক বুবুলে দ্বায়িত্ব শীলতাৰে মোক অভয় দি নিৰাপদে গুৱাহাটী পোৱালেহি।বাটত কিছু কথা বতৰাও পাতিলে ।খুব বিনয়ী ল’ৰা।মোক অতি আন্তৰিকতাৰে বেলেগ এটা কামৰ কথা কৈছিল ।ময়ো যথাসাধ্যে চেষ্টা কৰিম বুলি কৈছিলো । চেষ্টা ও কৰিছিলোঁ। কিন্তু দুমাহৰ ভিতৰতে তেওঁৰ বাবে সুবিধাজনক কাম এটা ওলোৱা নাছিল।

কিন্তু আমাক আচৰিত কৰি দুমাহ পিচত ঠিক এনেকুৱাডিচেম্বৰ মাহত শীতৰ কুঁৱলী ৰ মাজতে দুৰ্ঘটনাত পতিত হৈ বুবুল নামৰ অতি দায়িত্ব নীল হাঁহিমুখীয়া ,বিনয়ী ল’ৰা জন চিৰদিনলৈ হেৰাই গল ।এই ঘটনাটোৱে যথেষ্ট ব্যথিত কৰিলে মোক ।
সময় ৰ ধামখুমিয়া ত ব্যস্ত‌হৈ পৰিলে ও বুবুল ৰ হাঁহিমুখীয়া মুখখনে মোক আজিও আমনি কৰে ।ইমান এজন দ্বায়িত্ব বুজা ব্যক্তি হেৰাই গল চিৰদিনলৈ । তেওঁৰ দায়িত্ব জ্ঞানকম ই আজিও শ্ৰদ্ধাৰ চকুৰে চাওঁ । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক,তাকেই ভগৱানক কওঁ। লগতে আমাক আশ্ৰয় dia পৰিয়ালটো তেওঁ লোকৰ মহানুভৱতাৰ কথা মনত পৰিলে আজিও মোৰ মূৰটো শ্ৰদ্ধাত দোঁ খাই যায় ।ভগৱানে ভালে থাকক তেওঁ লোকক । এওঁলোকৰ কথা মনত পৰিলে ই মোৰ প্ৰায় মনলৈ আহে ,এৰা! পৃথিৱী ত ভাল মানুহ আছে বাবেই হয়তো এই বস্তুবাদী সমাজ খনতো মৰম ,চেনেহ এতিয়া ও বৰ্তী আছে।