অনুভৱ একান্ত আন্তৰিকতাৰে – মানসী মিশ্ৰ

Pc Pixabay

অনুভৱ একান্ত আন্তৰিকতাৰে

মানসী মিশ্ৰ

বছৰটো শেষ হ’বলৈ মাজত কেইটামান দিন হে বাকী।পোৱা,নোপোৱা ,আশা নিৰাশাৰ মাজেদি বছৰটো হেৰাই যাবলৈ ওলাইছে সময় বালিত ।মানুহবোৰ আকৌ সাজু হৈছে এটি নতুন বছৰক হেঁপাহেৰে আকোঁৱালি লবলৈ।

বছৰটোৰ শেষত প্ৰান্তত থিয় হৈ যদি এপলক আমি উভতি চাওঁ তেতিয়া আমি দেখিবলৈ পাম ৰে কেইবাটাও দুখজনক খবৰে বছৰটোক জোঁকাৰি গ’ল। ইয়াৰ ভিতৰত ধেমাজি ৰ মৰিঢল এলেকাৰ এগৰাকী সম্ভাৱনাপূৰ্ণ ছাত্ৰী নন্দিতা শইকীয়া ৰ বৰ্বৰ হত্যাকাণ্ড আৰু সৌ পিছদিনা যোৰহাট চহৰৰ হৈ যোৱা অনিমেষ ভূঞাৰ ৰ নৃশংস হত্যা কাণ্ড বিশেষ ভাবে মনত আঘাট দি যোৱা দুটি ঘটনা।

দুয়ো গৰাকী ব্যক্তি য়ে মোৰ কোনো আত্মীয় নহয় । কিন্তু তেওঁলোকৰ অকাল মৃত্যু ৱে মোক এগৰাকী আত্মীয় ক হেৰুৱা দুখ দিছে। আমি যে কেৱল তেজ মঙহৰ সম্পৰ্কৰ সম্পৰ্কৰেহে মানুহক বান্ধি ৰাখিম ,তেনেকুৱা কোনো কথা নাই। তেওঁলোক আমাৰ অসমৰ সন্তান আৰু আমাৰ ৰাজ্যৰ একোটা সম্পদ আৰু সম্ভাৱনা ।ইয়াতকৈ আৰু ডাঙৰ সম্পৰ্ক আমাৰ বাবে কি হব পাৰে। তেওঁলোক ৰ এই হত্যাকাণ্ড ৰ লগে লগে তেওঁ লোক ৰ পৰিয়ালে এজন পুত্ৰ আৰু এগৰাকী কন্যা ক হেৰুৱালে আৰু আমাৰ ৰাজ্য খনে হেৰুৱালে একোটা মানৱ সম্পদ ক ।মানৱ সম্পদ হেৰোৱা টো সহজ কিন্তু গঢ় দিয়াটোহে বৰ কঠিন। পৰিয়ালে তেওঁলোকক হেৰুৱাই হিয়াধুনি কান্দিছে ।যিসকলৰ পৰিয়ালত এনে ঘটনা ঘটিছে তেওঁ লোকেহে বুজিছে ইয়াৰ মৰ্ম বেদনা কিমান ভয়াবহ।
আমি সকলোৱে বিচাৰোঁ এই দুয়ো টা পৰিয়ালে আইনৰ যোগেদি প্ৰকৃত ন্যায় পাব লাগে অতি শীঘ্ৰে। হত্যা কাণ্ড ঘটা সময়ত ভিডিঅ বনাই অদ্ভুত পৰিতৃপ্তি লাভ কৰা সকলে অন্তত এতিয়া সাক্ষী দিবলৈ সাহসেৰে ওলাই আহক ।এতিয়া ওলাই আহি সাক্ষী দিবলৈ ওলাই আহিবলৈ ভয় কিয় কৰিছে। যিমান সত্য সাক্ষ্য প্ৰদান কৰিব যিমান সোনকালে কৰিব তেতিয়াহে সোনকালে যথোচিত ন্যায় লাভ কৰিব । আমি সকলোৱে বিচাৰি ম আহিব লগীয়া বছৰটোৰ ভিতৰত নন্দিতা শ ইকীয়া আৰু অনিমেষ ভূঞাৰ পৰিয়ালে উপযুক্ত ন্যায় লাভ কৰক। বছৰ টোৰ শেষ প্ৰান্তত এয়াই আমি আশা কৰিছোঁ নন্দিতা শইকীয়া আৰু অনিমেষ ভূঞা ৰ পৰিয়ালৰ হৈ যে দোষী য়ে কঠোৰতম শাস্তি পাওক।