অনুভৱৰ কৰণিত..- প্ৰণামী দেৱী

Pc People Results

অনুভৱৰ কৰণিত..

প্ৰণামী দেৱী
মিছামৰা, গোলাঘাট
৯৮৫৪১০০৪২২

আমাৰ জীৱনৰ প্ৰতিটো পলেই আমাৰ বাবে নতুন আৰু অন্তিম। তথাপি আমি দিন,মাহ বা বছৰ একোটাক হে নতুন বুলি অনুভব কৰো, প্ৰাধান্য দিও, পৰিকল্পনা কৰো বা সংকল্প লঁও। সময়ৰ বলুকাত আমি জীৱনত বহুত অভিজ্ঞতা লাভ কৰিলো,বহুত পালো আৰু হেৰুৱালো। দিন ,মাহ ,বছৰ পাৰ হৈ গৈ আছে, গৈ থাকিব সময়। কিন্তু যোৱা দুটা বছৰে আমাৰ জীৱনত ভয়ংকৰ অভিজ্ঞতা দি গ’ল। মহামাৰীৰ গ্ৰাসত সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিল, হয়তো বৰ্তমান জীবিত ব্যক্তি কোনোৱেই এনে অভিজ্ঞতা ব্যক্ত কৰিব নোৱাৰে। নিত্য ব্যৱহাৰ্য সামগ্ৰী ৰ অভাব, মূল্যবৃদ্ধি, ৰোগীৰ বাবে চিকিৎসক নাই,দিন হাজিৰালৈও ওলাই যাব নোৱাৰে, সাধাৰণ লোকৰ অৰ্থৰ অভাৱ, শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ সপোন চেদেলি ভেদেলি হ’ল আৰু যে কি কি পৰিস্থিতি… বহুত আপোন মানুহ হেৰাই গ’ল, বহুতৰ ঘৰ পৰিয়ালত কোনো নাইকিয়া হৈ গ’ল,দেশ আৰু সমাজৰ বহু প্ৰখ্যাত ব্যক্তি হেৰাই গ’ল,অমানুষিক অত্যাচাৰ পৰিণতিতো বহুতকে আমি হেৰুৱালো.. আৰু যে কত দুখ-দুৰ্গতিৰ মাজেৰে বছৰটো গ’ল। স্তব্ধ দিনকেইটাত বহুতো লোকে কৰ্মসূত্ৰে আঁতৰত থকা পো-বোৱৰী,জী-জোৱাইৰ সংসাৰলৈ অহা নাতি-নাতিনীকো‌ দেখা কৰিবলৈ পোৱা নাই। বহুতৰে আকৌ দিন-বাৰ মিলাই থিক কৰি থোৱা বিয়া খনৰো SOP ৰ লগত হে সফল হ’ল,কাৰোবাৰ আকৌ ন’হলেই…।মুঠতে মানসিক চাপ।তাৰ মাজতেই বহুতে আকৌ ক’লা বা বগা টকাৰে অভাৱত পৰি বিক্ৰী কৰা মাটি কিনিছে, তাত অট্টালিকা সাজিছে, কোনোৱে পুৰণি ঘৰতো ভাঙি নতুনকৈ বনাইছে বা মেৰামতি কৰিছে- কাৰণ ঘৰত থাকি চোৱা-চিতা কৰিবলৈ সময় পাইছে।বিশ্বত যি হয় হৈ থাকক, অট্টালিকা আৰু বিলাসী জীৱনৰ সপোন কিন্ত লগত থাকিবই। মুঠতে বছৰৰ মিলাব নোৱাৰা খাতিয়ন। বুকুৰ ভিতৰত বিষ এটাই খুন্দিয়াই যায়।সময়ৰ সোঁতৰ বিপৰীতে হে গৈছো নেকি আমি?কি কৰিছো আৰু কি হ’বলৈ গৈছো? বহুত শংকা। কিন্তু জঠৰ হৈ গ’লেতো নহ’ব। ঈশ্বৰে যি দিছে সেই পৰিস্থিতিকে আপোন কৰি নিজৰ মনতোক সুস্থ ৰাখি আমি আগবাঢ়ি যাব লাগিব। আমি‌ প্ৰত্যেকে অকলশৰীয়া আৰু কোনো অকলশৰীয়াও নহয়।নেদেখা জনেইহে নিখুঁত বিচাৰ কৰিব,তেওঁ আমাৰ যোগ্যতাৰ নিৰ্ণায়ক। এনেদৰেই আগোৱাই যাব লাগিব আমি।নতুন সময়, নতুন দিন, নতুন বছৰত সকলোজনেই ঋণাত্মক চিন্তা খিনি আতঁৰাই মনৰ হেঁপাহেৰে সুখী আৰু সফঁল হঁওক..সুস্থ দেহ আৰু মন লৈ আগোৱাই যাওঁক…লক্ষ্যৰ দিশে।