অনুগ্ৰহ কৰি নিজৰ ষ্টাৰক সন্মান কৰকঃ পাকিস্তানৰ ক্ৰিকেটাৰ ৰিজৱান

অনুগ্ৰহ কৰি নিজৰ ষ্টাৰক সন্মান কৰকঃ পাকিস্তানৰ ক্ৰিকেটাৰ ৰিজৱান

ৰঙিলী বাৰ্ত্তাসেৱা–  টী২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়া পৰাস্ত হোৱাৰ পিছৰে পৰা মহম্মদ ছামীক ছচিয়েল মিডিয়াত একাংশই টাৰ্গেট কৰি লৈছে। ক্ৰিকেটাৰ মহম্মদ ছামীক গালিও দিয়া হৈছে।এই সময়ত পাকিস্তানৰ উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱান ছামীৰ পক্ষত থিয় হৈছে।মহম্মদ ছামীক সমৰ্থন কৰি ৰিজৱানে ছচিয়েল মিডিয়াত মহম্মদ ছামীক টাৰ্গেট কৰাসকলক চোকা সমালোচনা কৰিছে।ৰিজৱানে এটা টুইটৰ জৰিয়তে ছামীক সমৰ্থন কৰি কয়,”যিধৰণৰ চাপ, সংঘৰ্ষ আৰু ত্যাগ এগৰাকী খেলুৱৈয়ে নিজৰ দেশ আৰু নিজৰ মানুহৰ বাবে খেলৰ জৰিয়তে কৰিব লাগে,সেয়া অনুমানো কৰিব নোৱাৰি।মহম্মদ ছামী এজন ষ্টাৰ আৰু বিশ্বৰ উল্লেখযোগ্য বলাৰসকলৰ অন্যতম।অনুগ্ৰহ কৰি নিজৰ ষ্টাৰক সন্মান কৰক।এই খেলে মানুহক ওচৰ চপাই অনা উচিত, বিভাজন অনা হ’ব নালাগে।’’