অনুগল্প – “শেষ যাত্ৰা” – অভিজিত শেনচোৱা

অনুগল্প

শিৰোনামা- “শেষ যাত্ৰা”

“ছেহঃ, ছোৱালীজনী বৰষুণ জাকতে ওলাই গল “। ভালে ভালে কলেজখন যাতে জীয়েকে পায়গৈ হুইল চেয়াৰত বহি তাৰে কামনা কৰিলে প্ৰমোদ মাষ্টৰে । তেওঁৰ একমাত্ৰ জীয়েক পাৰিজাত যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত অধ্যয়নত । আজি শেষৰটো প্ৰজেক্ট চাবমিত কৰিবলৈ জাঝিৰ ঘৰৰ পৰা খোজেৰে ওলাই গৈছে হইৱেৰ তিনিআলিটোলৈ । হাতত ছাতি নিজে যদিও আলাখৰ লাড়ু পাৰিজাতলৈ বাপেকৰ অলপ বেছিয়েই চিন্তা…….
বৰষুণ জাক কমা নাই । জাঝি তিনিআলিত এখন হাতত ছাতি লৈ ট্ৰেভেলাৰ কিম্বা বাছলৈ ৰৈ আছে পাৰিজাত । তেনেতে দুখন ট্ৰেভেলাৰ আহি থিয় হল তাইৰ সন্মুখত । দুইখনতে ওলমি অহা হেণ্ডিমেন দুটাই টানি আজুৰি পাৰিজাতক নিজৰ গাড়ীত তুলিবলৈ আঘোষিত এক যুদ্ধত অৱতীৰ্ণ হল । পৰিজাতে অৱশ্যে প্ৰায় ফুল হৈ থকা ট্ৰেভেলাৰ খনত উঠি বহিল, উদেশ্য এটাই, সোনকালে পাবগৈ লাগে ।
পাৰিজাত ওলাই যোৱা প্ৰায় ডেৰ ঘণ্টা পাৰ হৈ গল । বৰষুণ অলপ কমিছে, আমনি লগত প্ৰমোদ মাষ্টৰে টিভিটো অন্ কৰি অসমীয়া বাতৰিৰ চেনেলটো লগাই ললে । হঠাৎ ব্ৰেকিং নিউজ স্ক্ৰীনত ভাঁহি আহিল এংকৰৰ তীব্ৰ চিঞঁৰৰ সৈতে । তাত লিখা আছিল “ডিব্ৰুগড়ৰ পৰা যোৰহাট অভিমুখী এখন তীব্ৰবেগী ট্ৰেভেলাৰ টীয়কৰ জগদুৱাৰ তিনিআলিত দুৰ্ঘটনাত পতিত, থিতাতে নিহয় ছয় আৰোহি”

লেখক- শ্ৰী অভিজিত শেনচোৱা
ঠিকনা- দেউবিল নপমীয়া, শিৱসাগৰ
যোগাযোগ- 8638431876