অনাথ-ৰাজলক্ষ্মী বৰঠাকুৰ ,দেৰগাঁও

pc-thebetterindia

অনাথ

ঠিকনা বিহীন আমি, নাই কোনো নিজা পৰিচয়। পদপথতেই আমাৰ ঘৰ, পেল নিয়া আহাৰেই খাদ্য আমাৰ সমাজৰ বাবে আৱজনা আমি কিন্ত সমাজৰে সৃষ্টি আমি নাম পালো অনাথ।
আমাৰো আছে জীয়াই থকাৰ বাসনা আমিও বিচাৰো এখন নিজা ঘৰ যত থাকিব আই-বোপাই আৰু ভাই-ভনী আমাক দেখি কোনো হৃদয় বানৰ নকপেনে হিয়া দুখত?
নাজাগেনে অন্তৰত এফেৰি মৰম অধিক আমি বিচৰা নাই বিচাৰিছোঁ মাথো ভোকাতুৰ পেটত এমুঠি আহাৰ।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও