অনন্য প্ৰতিভাৰ অধিকাৰিনী শ্ৰদ্ধাৰ ৰিনিকি বাইদেউ— স্বাগতা বৰুৱা গোস্বামী

Pc- indiatv

অনন্য প্ৰতিভাৰ অধিকাৰিনী শ্ৰদ্ধাৰ ৰিনিকি বাইদেউ

আজি কোনো নাৰী দিৱস অথবা মাতৃ দিৱস নহয়, কিন্তু বিশেষ কোনো ব্যক্তিৰ বিষয়ে লিখিবলৈ জানো কোনো দিৱসৰ প্ৰয়োজন? নিশ্চয় নহয়। সেইবাবেই আজি মই মোৰ কলমটো উলিয়াই ললো আৰু লিখিবলৈ আৰম্ভ কৰিলো, এগৰাকী নাৰীৰ বিষয়ে। এফালে কʼৰনাৰ বিভিষীকা আনফালে গৃহবন্দী জীৱন। যদিও সকলো সময়তে সচেতন, তথাপিও মনত শংকা। তাৰ মাজতে ঘৰখনো নিয়াৰিকৈ চলাই নিব লাগিব। প্ৰায় সংখ্যক নাৰীৰ মুখতেই শুনো আমনি লাগিছে। আমনি লগাতো বাৰু স্বাভাবিক। কিন্তু মই ভাবো বৰ্তমানৰ পৰিস্থিতিত আমনি নালাগিবৰ সমল আমাৰ হাততেই উপলব্ধ। মই এগৰাকী গৃহিনী হিচাপে সময়বোৰ আমনিদায়কযেন অনুভৱ হʼলেই মোৰ যিকোনো এটা ভাল লগা বিষয় লিপিবদ্ধ কৰিবৰ বাবে হাতত কলমটি তুলি লওঁ। ফলত আমনিদায়ক সময়খিনিৰো সদব্যৱহাৰ হʼল আৰু মোৰ ভাল লগা বিষয়টোত আন দহজনৰ আগত প্রকাশ কৰাও হʼল। আপোনালোকেও আপোনালোকৰ আমনি লগা সময়খিনিত কিবা এটা গঠনমূলক কাম কৰিবৰ বাবে চেষ্টা কৰিবচোন কাৰণ নাৰীয়ে কৰিব নোৱাৰা কাম এই পৃথিবীত একো নাই। নাৰীৰ প্ৰতি থকা দুৰ্বলতাৰ কাৰনেই নে মই এগৰাকী নাৰী হোৱাৰ বাবেই নাযানো।

ছোৱালী মোৰ বৰ প্ৰিয়। সৰ্বভাৰতীয় পৰীক্ষাই হওঁক বা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সমূহত ছোৱালীয়ে শীর্ষ স্থান দখল কৰিলে কিবা এটা মনতো বহুত ভাল লাগে। এতিয়া আহো আচল বিষয়টালৈ। আচলতে আজি মই এগৰাকী নাৰীৰ বিষয়েই লিখিবলৈ লৈছো। লিখিবলৈ লোৱা নাৰী গৰাকী সেইগৰাকী নাৰী যি গৰাকী সদায় নেপথ্যৰ আঁৰৰ, যি গৰাকী নাৰীয়ে কেতিয়াও নিবিচাৰে কোনো প্ৰচাৰ বা বিজ্ঞাপন। তেওঁ মাথো কাম কৰি যায় নিজৰ আত্মসন্তুষ্টিৰ বাবে। বহুতেই হইতো নাজানে তেওঁ কোন?  তেওঁ হʼল আমাৰ শ্ৰদ্ধাৰ নৱনির্বাচিত মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাদেৱৰ সহধৰ্মিনি ৰিনিকি ভূঞাঁ শৰ্মা বাইদেউ। বিশাল ব্যক্তিত্বৰ অধিকাৰী বাইদেউক প্ৰথমে স্বচক্ষে দেখা পাইছিলো নগাওঁৰ ভেৰভেৰিত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰত তেতিয়া তেখেতৰ লগত কথা পতাৰ সুযোগ পোৱা নাছিলো। কিন্তু সেইদিনা প্ৰনয় বৰদলৈদেৱৰ দৰবাৰ অনুস্থানটিৰ জড়িয়তে তেখেতৰ বহুখিনি কথাই জানিব পাৰিলো। আমাৰ মুখ্যমন্ত্ৰীজন কৰ্মদক্ষ বুলি জানিছিলো কিন্তু তেখেতৰ পত্নীও যে ইমান এগৰাকী কর্মদক্ষ মহিলা সেইদিনাহে জানিব পাৰিলো।

তেখেতৰ কথাকোৱাৰ ভংগীমা, তেখেতৰ ব্যক্তিত্ব, এই সকলোবোৰে মোক বহুত আকর্ষন কৰে। বিশেষকৈ সকলোতকৈ ডাঙৰ কথা হʼল তেখেত এগৰাকী উদ্যমী মহিলা। যিখন সমাজত নাৰী পাতৰ তলত বা নাৰী পূৰুষৰ সমান নহয় বুলি ভাবি থকা এচামৰ ঠেক চিন্তাৰ বিপৰিতে নাৰীয়ে কৰিব নোৱাৰা কাম যে একো নাই তাৰ জলন্ত উদাহৰণ ৰিনিকি বাইদেউ। শিক্ষাৰ সমানে সমানে ক্ৰীড়াজগতখনৰ পৰা উদ্যোগীক জগতখনলৈকে তেওঁক কোনো ক্ষেত্ৰতে পিছ পেলাব নোৱাৰি। নিউজ লাইভ, ৰামধেনু, ৰং, ইন্দ্ৰধনু, নৰ্থ ইষ্ঠ লাইভৰ দৰে টেলিভিশ্বনৰ চেনেল, নিয়মীয়া বাৰ্তাৰ দৰে এখন সুন্দৰ বাতৰি কাকত, আইনা জীৱনৰ দৰে এখন সুন্দৰ আলোচনী এই সকলোবিলাক সুন্দৰকৈ চলাই নিছে। তাৰোপৰি তেখেতৰ সকলোতকৈ প্ৰশংসনীয় কামটো হৈছে তেখেতে অসমৰ মুগা পলুক বিশ্ব দৰবাৰলৈ নিয়াৰ চেষ্টা কৰিছে। এই পদক্ষেপটোৰ জড়িয়তে এফালে এচাম লোকক কর্মসংস্থাপ দিছে আনফালে লুপ্ত প্ৰায় মুগা শিল্পক উদ্ধাৰৰ চেষ্টা কৰিছে । ভৱিষ্যতে প্ৰায় দহহাজাৰ মহিলাক কর্মসংস্থাপন দিয়া, কাঞ্চনজুৰিৰ দৰে এখন ঠাইক লৈ কৰা নিখুঁত পৰিকল্পনা, স্নেহবন্ধন, উদয়াচলৰ দৰে ধুনীয়া অনুস্থান আৰু মনত বহুতো কাম কৰাৰ পৰিকল্পনা। সঁচাই তেওঁ আমাৰ বাবে গৌৰৱ, যি আমি সকলো অসমবাসীয়ে এনেকুৱা এগৰাকী নাৰী পাইছো। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিবই লাগিব যে আজি তেখেতসকলৰ উমৈহতীয়া প্ৰচেষ্টাতে এচিয়াৰ সৰ্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰটো সম্পূর্ণ হোৱৰ পথত। সকলো যে কয় যে এজন সফল পূৰুষৰ বিপৰীতে এগৰাকী নাৰীৰ যথেষ্ট অবদান থাকে। অসমৰ মুখ্যমন্ত্রী গৰাকীৰো সফলতাৰ আঁৰত বাইদেউৰ অবদান অনস্বীকার্য্য। শেষত সকলো নাৰীৰ বাবে আমাৰ শ্ৰদ্ধাৰ বাইদেউ এক আদর্শ হওঁক। জয়তু নাৰী শক্তি।

স্বাগতা বৰুৱা গোস্বামী