অনন্যা-হিয়া দাস

Pc The Conversation

অনন্যা

মাহ-হালধিৰে নোওৱাৰ পিছত ঈশানীয়ে ৰঙা সাজযোৰ পিন্ধি আইনাৰ সমুখত বহিল । বহুসময় ধৰি নিজৰ প্ৰতিবিম্বলৈ নিথৰ হৈ চাই ৰ’ল তাই । পলাশৰ বৰ প্ৰিয় আছিল এই ৰংটো । বিয়াৰ পিছত প্ৰথমবাৰ পলাশে এই সাজযোৰ উপহাৰ দিছিল ।

বিউটিচিয়ান দুজনীয়ে তাইৰ পিঠিলৈকে বৈ পৰা, ঘন ক’লা চুলিখিনি সুন্দৰকৈ খোপা এটা বান্ধি খৰিকাজাই ফুলৰ মালা মেৰিয়াই তাৰ মাজত ৰঙা গোলাপৰ আধা মেলা কলি দুটি গুঁজি দিলে, সেওঁতাৰ সেজত পিন্ধালে চিতিপাতি । কালি দৰাঘৰে জোৰোণত দিয়া সোণৰ গলপতা, ৰত্নখচিত হাৰ, ম’ৰাপখীয়া, হৰিণচকুৱা আঙঠি, জাংফাই কেৰু আৰু দুজাপ খাৰু পিন্ধালে ।

ইতিমধ্যে আত্মীয়-স্বজনেৰে ঘৰ ভৰি পৰিছে । অনুষ্টুপীয়াকৈ বিবাহকাৰ্য আয়োজন কৰা হৈছিল যদিও নিমন্ত্ৰিতৰ লগতে অনাহূত অতিথিও যথেষ্ট সংখ্যক আহিছে । তাই শুনা-নুশুনাকৈ ভিন্ন জনে ভিন্ন মন্তব্য কৰিছে । তেনে সিদ্ধান্তত মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । আত্মীয়তাৰ পৰিচয় দিয়া সেইসকল লোকেই আজি শতখণ্ডত বিভক্ত কৰিব খুজিছে তাইক । কিন্তু সেইবোৰ কথাই কেতিয়াও কোনো প্ৰভাৱ পেলাব নোৱাৰে তাইৰ ওপৰত ।

: মাহীদেউ ওলাই আহক । দৰা পালেহি ।
কাৰোবাৰ চিঞৰত মাকৰ সৈতে মানুহবোৰ চোতাললৈ ওলাই গ’ল । মাক-দেউতাকে অত্যন্ত বিনয়েৰে দৰাঘৰীয়াক অভ্যৰ্থনা জনাইছে ।
দুপৰীয়া এক বজাৰ পৰা বিবাহৰ মাংগলিক অনুষ্ঠান আৰম্ভ হ’ব । ঈশানী নিজৰ কোঠালৈ গ’ল ।

ঈশানীয়ে পলাশৰ ফটোখন তুলি লৈ চাদৰৰ আঁচলেৰে আলফুলে মোহাৰি দিলে । ফটোখন মুখৰ ওচৰলৈ নি প্ৰাণভৰি সুবাস ল’লে, তাৰপিছত আৱেগকম্পিত ওঁঠেৰে পলাশৰ ওঁঠযুৰিত উষ্ম চুম্বন আঁকি দিলে । পলাশ আছে । থাকিব । তাইৰ শ্বাস-প্ৰশ্বাসৰ গতিৰোধ নোহোৱালৈকে তাৰ অস্তিত্ব থাকিব । আজিৰ পৰা তাই অকলশৰীয়া নহয় । কাৰণ পুনৰ্বিবাহ কৰিব তাই । আৰু এয়া তাইৰ নিজৰ সিদ্ধান্ত ।
অতীজত চোন কিমান নাৰীয়ে দেৱতাৰ প্ৰতিমূৰ্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । সেই দেৱতাৰ পত্নী হৈয়ে তেওঁলোক আমৃত্যু জীৱনক উদ্ যাপন কৰিছিল । কিন্তু তাৰ মাজত দুই এটা ব্যতিক্ৰমী ঘটনা থাকিব পাৰে । জীৱনৰটো কোনো সুনিৰ্দিষ্ট পথ নাথাকে । কেইমুহূৰ্তমান ফটোখনৰ ফালে থৰ হৈ চাই থাকি লাহেকৈ বিছনাত নমাই থৈ খিৰিকিৰে মূৰ তুলি আকাশলৈ চালে । ধূলিয়ৰি আকাশ । অলপ আগতেই প্ৰচণ্ড বতাহ এজাকে সকলোতে ধূলিৰ ওৰণি এখন জাপি থৈ গৈছে । লঠঙা অথচ দৃঢ়তাৰে গছবোৰ থিয় দি আছে প্ৰত্যয়ৰ বুকুত । সৰাপাতে দি গৈছে কাণে কাণে নৱ বসন্তৰ খবৰ । প্ৰকৃতি উদ্বাউল হৈ অজস্ৰ হাত প্ৰসাৰিছে নৱ বসন্তৰ ৰঙেৰে ৰঙীন হ’বলৈ ।

—- কৰ্পূৰ কুমকুমে ফাগু অতি সুবাসিত…

নাতিদূৰৈৰ ঈশ্বৰ শ্ৰী শ্ৰীহাটীসত্ৰ পৰা ভাহি আহিছে হোলীগীত । কাইলৈ হোলী পূৰ্ণিমা । নামনি অসমৰ বৰপেটা, গুৱাহাটী, শুৱালকুছি আদি ঠাই সমূহত উলহ-মালহেৰে উদ্ যাপিত হ’ব । শিমলুৰ চামিয়ানা তৰা আকাশত আদিৰৰ কত ৰঙে—

: আহা ঈশানী, দৰা বাট চাই আছে হোমৰ গুৰিত । হঠাৎ শাহুৱেকৰ মাতত ঈশানীৰ তন্ময়তা ভাগিল ।

: মা…। ঈশানী দৌৰ মাৰি আহি শাহুৱেক আঁকোৱালি ধৰিলে ঈশানী ।

: আই, ফাগুনত হেৰাই যোৱা তোমাৰ ৰংবোৰ আকৌ ফাগুনেই ঘূৰাই দিব খুজিছে । আহা, সি বাট চাই আছে । জানা আই, এই ধূসৰিত ফাগুন নাহিলে বসন্তৰ সুন্দৰতাক কোনেও অনুভৱ কৰিব নোৱাৰিলে হয় । বসন্তৰ আনন্দত কোনো আলোড়িত নহ’ল হয় । ঈশানীয়ে মূৰ তুলি কৃতজ্ঞতাৰ চাৱনিৰে শাহুৱেকৰ চকুলৈ চালে । এখন্তেক পিছত আকৌ ক’লে শাহুৱেকে—

: গৌৰৱেৰে কওঁ, সি মোৰ সুযোগ্য সন্তান আছিল । যাৰ বাবে আজি তোমাৰ দৰে লখিমীজনীক মই দ্বিতীয়বাৰ বোৱাৰীৰ ৰূপত আদৰণি জনাবলৈ বিৰল সৌভাগ্য প্ৰাপ্ত কৰিছোঁ । ঈশানীক হাতত ধৰি মণ্ডপৰ ওচৰলৈ লৈ গ’ল ।
যেতিয়া ঈশানী হোমৰ গুৰিত বহিছিল তেতিয়া বিভিন্ন নিউজ চেনেল সাংবাদিকসকলে ব্যতিক্ৰমী বিয়াখন লাইভ টেলিকাষ্ট কৰিবলৈ ব্যস্ত হৈ পৰিছিল ।

হিয়া দাস
শুৱালকুছি, উত্তৰ সিদ্ধেশ্বৰ পাহাৰ