অধ‍্যক্ষ বিশ্বজিত দৈমাৰীৰ নিৰ্দেশত ঔষধিযুক্ত আঠুৱা-কম্বল বিতৰণ

অধ‍্যক্ষ বিশ্বজিত দৈমাৰীৰ নিৰ্দেশত ঔষধিযুক্ত আঠুৱা-কম্বল বিতৰণ।

■ৰঙিলী বাৰ্ত্তা সেৱা, ওদালগুৰি , ১৬ঃ আগষ্ট

বিটিআৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ৬৪ নং পানেৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভা সদনৰ অধ‍্যক্ষ বিশ্বজিত দৈমাৰীৰ নিজ সমষ্টিত তেখেতৰ নিৰ্দেশ মৰ্মে ভেৰগাঁও ডেৱলভমেণ্ট ব্লকৰ অন্তৰ্গত ৰূপাখাট ভিচিডিচিত বিজেপি কৰ্মীৰ সহযোগত আজি প্ৰায় শতাধিক দৰিদ্ৰ পৰিয়ালক কম্বল আৰু ঔষধিযুক্ত আঠুৱা বিতৰণ কৰাৰ পৰিলক্ষিত হয়।
শীত কালৰ ঠাণ্ডাৰ প্ৰকোপ আৰু বাৰিষাৰ কালত মহৰ পৰা হ’ব পৰা বিভিন্ন বেমাৰৰ পৰা হাতসাৰি থকাৰ প্ৰতি লক্ষ্য ৰাখি আৰ্থিক ভাৱে জুৰুলা লোকসকলৰ মাজত বিজেপি কৰ্মী সকলে ৰূপাখাত ভিচিডিৰ অন্তৰ্গত পৰিয়ালৰ ঘৰে-ঘৰে গৈ ঐষধিযুক্ত আঠুৱা প্ৰদান কৰাত পৰিয়ালৰ লোকসকলে ব্যাপক সন্তুষ্টি প্ৰকাশ কৰে।
আনহাতে, বিজেপিৰ কাৰ্যকৰ্তা সকলে কয় যে, বিধায়ক তথা অধ‍্যক্ষ গৰাকীয়ে সমষ্টি উন্নয়নৰ লগতে ৰাইজৰ তথা সমষ্টিবাসীৰ স্বাস্থ্য আৰু আৰ্থিক সমস‍্যা সমাধানৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলি বিতৰণৰ কাৰ্যসূচীত উপস্থিত থকা খালিংদুৱাৰ মণ্ডল কমিটিৰ বিজেপিৰ কৰ্মকৰ্তা সকলে জানিব দিয়ে

■ ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভাৰ প্ৰতিবেদন।