অধ্যয়নৰ উপকৰিতা- শ্ৰী মুনিন্দ্ৰ বৈশ্য

Pc kultPlus

অধ্যয়নৰ উপকৰিতা

দুজন কিশোৰে এখন গেলামালৰ দোকানত চেলমেনৰ চাকৰি কৰিছিল। দুয়োজনেই হৈছে দুটা দৰিদ্ৰ-বিধ্বস্ত পৰিয়ালৰ দুৰ্ভগীয়া সন্তান। এজন হৈছে দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোৰ ডাঙৰ ল’ৰা, যিয়ে এমুঠি খাদ্যৰ তাড়নাত পঢ়া-শুনাৰ বাদেও অতিৰিক্ত বোজা বহন কৰিবলগীয়া হোৱাত দোকানত ‘চেলমেন’ হিচাপে যোগদান কৰিছিল। আনজনৰো অৱস্থা একেই; পঢ়া-শুনাৰ খৰছ উলিয়াবলৈ তেৱোঁ ঘৰে ঘৰে চুইং গাম আৰু শীতল পানীয় বিক্ৰী কৰি ফুৰিছিল।
দোকানত কাম কৰি তেওঁলোকে দৈনিক উপাৰ্জন কৰিছিল মাত্ৰ দুই ডলাৰকৈ। কিন্তু মাত্ৰ কেইটামান বছৰৰ ভিতৰতেই তেওঁলোক হৈ পৰিল বাৰ্ষিক বিশ বিলিয়ন ডলাৰ উপাৰ্জন কৰিব পৰা একো একোজন গগণচুম্বী সফল ব্যক্তি। তেওঁলোক হৈছে আমেৰিকাৰ বিলিয়নাৰ চাৰ্লি মুংগাৰ আৰু ৱাৰেন বাফেট। বাফেট হৈছে ‘বাৰ্কশ্বায়াৰ হেথৱে’ নামৰ বিশ্ববিখ্যাত বহুজাতিক কোম্পানীটোৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া, আৰু মুংগাৰ হৈছে তাৰ উপাধ্যক্ষ।
এবাৰ বাফেটক সাংবাদিকে সুধিছিল― “আপোনাৰ আকাশলংঘী সফলতাৰ আঁৰৰ মন্ত্ৰ কি?” তেওঁ তপৰাই উত্তৰ দিছিল― “মই দৈনিক পঢ়োঁ। অধ্যয়নে মোক চিন্তাৰ খোৰাক দিয়ে। দৈনিক পাঁচশ পৃষ্ঠাকৈ পঢ়ক, ই চক্ৰবৃদ্ধি সুদৰ হাৰত জ্ঞান বঢ়াব। আপোনালোক সকলোৱে এইটো কৰিব পাৰে। কিন্তু মই গেৰাণ্টি দিব পাৰোঁ আপোনালোকৰ বেছি সংখ্যকেই এইটো নকৰে।” বাফেট ইমানেই অধ্যয়ন প্রিয় আছিল যে দিনটোৰ আশী শতাংশ সময় কেৱল পঢ়া-শুনাৰ নামতেই খৰছ কৰিছিল। পুৱা শুই উঠিয়ে তেওঁ দিনটো আৰম্ভ কৰে কেইবাখনো বাতৰি কাকত পঢ়ি। দৈনিক ছশৰ পৰা এহেজাৰ পৃষ্ঠা পঢ়াটো আছিল তেওঁৰ বাবে তেনেই সাধাৰণ কাম। অৰ্থাৎ দোকানৰ চেলমেনৰ পৰা ধন কুবেৰ হৈ সফলতাৰ শীৰ্ষত আৰোহণ কৰালৈকে নিৰ্ণায়ক ভূমিকা পালন কৰিছিল কেৱল গ্ৰন্থ অধ্যয়নে। তেওঁ এই কথা স্বীকাৰ কৰি কৈছে― ‘Reading has made me rich.’।
বিল গেটচে প্ৰতি সপ্তাহত এখনকৈ বছৰি প্ৰায় পঞ্চাশখন কিতাপ পঢ়ে। য’লৈকেই নাযাওক কিয়, তেওঁৰ লগত এখন কিতাপ থাকিবই থাকিব। ‘টেছলা মটৰছ’ৰ মুখ্য কাৰ্যবাহী বিষয়া এলেন মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ দুশ ত্ৰিশ বিলিয়ন ডলাৰ। প্ৰথম বাণিজ্যিক ৰকেট উৎক্ষেপণ সফলতাৰে সম্পূৰ্ণ কৰি তেওঁ ইতিহাস সৃষ্টি কৰিছিল। তেওঁ ৰকেট নিৰ্মাণ কৰিলে কেনেকৈ? তাৰ উত্তৰত তেওঁ কৈছে― “I read book.” কিতাপ পঢ়িয়েই তেওঁ ৰকেট বনাব শিকিছিল। তেওঁ হেনো ন বছৰ বয়সতে ‘Encyclopedia Britannica’ পঢ়ি শেষ কৰিছিল। দৈনিক দহ ঘণ্টাকৈ পঢ়িছিল বিজ্ঞান কল্পকাহিনী। তেওঁৰ জীৱনৰ যি অভূতপূৰ্ব সফলতা তাৰ আঁৰত বিজ্ঞানৰ এই কল্পকাহিনীবোৰৰ প্ৰভাৱ আছিল গভীৰ। সেইবাবেই তেওঁ “I was raised by books.” বুলি অকপতে স্বীকাৰ কৰিছে।
কোৱা হয় যে, চিন্তাবিদ নেপোলিয়ন হিলৰ ‘Think and grow rich’ শীৰ্ষক বিশ্ববিখ্যাত গ্ৰন্থখনে কেইবা শতাধিক লোকক কৌটিপতি হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
‘Rich Habits: The Daily Success Habits Of Wealthy Individuals’ নামৰ বহুল সমাদ্রিত গ্ৰন্থখনৰ ৰচয়িতা টম কৰ্লে ২৩৩ গৰাকী ধনী (যাৰ বাৰ্ষিক উপাৰ্জন ১৬০,০০০ ডলাৰ বা তাতকৈ অধিক) আৰু ১২৮ গৰাকী দুখীয়া মানুহৰ (যাৰ বাৰ্ষিক উপাৰ্জন ৩৫,০০০ ডলাৰ বা তাতকৈ কম) দৈনন্দিন কাম-কাজৰ বিষয়ে পাঁচ বছৰ ধৰি অধ্যয়ন কৰিছিল। অধ্যয়নৰ অন্তত তেওঁ দেখিলে যে, ৬৭% ধনী মানুহে দৈনিক এঘণ্টাতকৈও কম সময় টিভি চায়। বিপৰীতে সৰহ সংখ্যক দুখীয়া মানুহে টিভিৰ আগত বহিয়েই অধিক সময় কটায়। মাত্ৰ ৬% ধনী মানুহে তথাকথিত ৰিয়েলিটি শ্ব’সমূহ চায়, বিপৰীতে ৭৮% দুখীয়া মানুহেই সেইবোৰৰ সন্মুখত বহি সময় অপচয় কৰে। তেওঁ লগতে এই কথাও কৈছে যে, ধনী ব্যক্তিসকলে আত্ম-উন্নতি, শিক্ষা আৰু সফলতাৰ বাবে পঢ়ে। তেওঁলোকে সফল লোকৰ জীৱনী আৰু আত্মজীৱনীবোৰ পঢ়িবলৈ বাছনি কৰে। তেওঁলোক প্ৰত্যেকৰে ঘৰত এটাকৈ বৃহৎ পুথিভঁৰাল আছে আৰু কেৱল কিতাপ পঢ়িয়েই তেওঁলোকে সফলতাৰ বাটত আগুৱাই গৈছে। বিপৰীতে দুখীয়াসকলে মূলতঃ মনোৰঞ্জনধৰ্মী গ্ৰন্থহে পঢ়ে।
সেইদৰে আন এগৰাকী প্ৰখ্যাত লেখক ষ্টিভ চিবল্ডে পৃথিৱীৰ বিভিন্ন দেশৰ মুঠ বাৰশ গৰাকী ধনাধ্য ব্যক্তিৰ সাক্ষাৎকাৰ লৈছিল। তেওঁলোকৰ বিয়াগোম সফলতাৰ আঁৰৰ ৰহস্য জানিবলৈ চেষ্টা কৰি তেওঁ যিটো কাৰণ আৱিষ্কাৰ কৰিলে সেইটো হৈছে সেই বাৰশ গৰাকী ব্যক্তিৰ প্ৰত্যেকেই আছিল অধ্যয়ন প্রিয়। তেওঁলোকে আত্ম-উন্নতিৰ কিতাপৰ পৰা আত্মজীৱনীলৈকে সকলোবোৰ গ্ৰন্থই পঢ়িছিল।
আহিছোঁ এটা স্বাস্থ্য সম্বন্ধীয় তথ্যলৈ। অনাগত দিনত চিকিৎসা ব্যৱস্থাত বেজী-ঔষধ-ভেকচিনৰ সমানেই গুৰুত্বপূৰ্ণ হৈ পৰিব কিতাপ। কাৰণ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্য অটুট ৰখাত গ্ৰন্থ অধ্যয়নে যে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেই বিষয়ে নতুন আৰু প্ৰতিস্থালব্ধ তথ্য গৱেষকসকলে পোহৰলৈ আনিছে। আমেৰিকাৰ স্বাস্থ্য বিভাগে ইতিমধ্যে “Reading Well, a Books on Prescription programme” শীৰ্ষক ব্যৱস্থা এটা প্ৰচলন কৰিছেই। ৰোগ নিৰাময় আৰু প্ৰতিৰোধত যে ঔষধৰ ভূমিকা একক আৰু অনন্য সেই কথা আমেৰিকাই বুজি উঠিছে আৰু সেইবাবেই ঔষধৰ উপৰিও কিতাপৰ তালিকা এখন ৰোগীক লিখি দিয়াটো নিয়ম কৰি দিছে।
ইফালে বিশেষজ্ঞ আৰু গৱেষকসকলৰ আধুনিক গৱেষণাই এই কথা সজোৰে প্ৰতিষ্ঠা কৰিছে যে, কিতাপ-কাকত অধ্যয়নে মানুহৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বেজী-ঔষধৰ দৰে আৰু ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত চিতা বা ভেকচিনৰ দৰে ভূমিকা পালন কৰে। সেইবাবেই New Hampsire State Library-এ ‘NHS’s Reading Well programme’ শীৰ্ষক এটা কাৰ্যসূচী আৰম্ভ কৰিছে। অধ্যয়নে যে সুস্বাস্থ্য অটুট ৰখাত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় সেই কথা জনতাক বুজাই দিয়াটোৱে তেওঁলোকৰ কাৰ্যসূচীৰ মূল উদেশ্য। কাৰ্যসূচীটোৰ নেতৃত্ব প্ৰদান কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে।
তাৰ পিছতো কিতাপ-কাকত নাপঢ়িলে জানো কিবা উপায় আছে?

শ্ৰী মুনিন্দ্ৰ বৈশ্য
ওদালগুৰি অসামৰিক চিকিৎসালয়