অজয়ে কমনৱেলথ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন

অজয়ে কমনৱেলথ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা –  ভাৰতীয় ভাৰোত্তোলক অজয় সিঙে তাচখন্দত চলি থকা কমনৱেলথ ৱেইট লিফ্টিং চেম্পিয়নশ্বিপ ২০২১ত পুৰুষৰ ৮১ কিলোগ্ৰাম শাখাত সোণৰ পদক জিকিছে। এই ফলাফলৰ সৈতে,  ১৪৭ কিলোগ্ৰাম স্নেচেৰে ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি থকা ২৪ বছৰীয়া যুৱকজনে কমনৱেলথ গেমছ ২০২২ৰ বাবে পোনপটীয়া অৰ্হতা অৰ্জন কৰে। তেওঁ মুঠ ৩২২ কিলোগ্ৰাম উত্তোলন কৰিছিল। অজয় খেলৰ বাবে যোগ্যতা অৰ্জন কৰা তৃতীয় ভাৰতীয় ভাৰোত্তোলক।