অখিল গগৈৰ বক্তব্য উদ্দেশ্যেপ্ৰণোদিতঃ বিজেপি অসম প্ৰদেশ

অখিল গগৈৰ বক্তব্য উদ্দেশ্যেপ্ৰণোদিতঃ বিজেপি অসম প্ৰদেশ

ৰহিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শমাৰ্ৰ নেতৃত্বত ১০ মে’ৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত মাৰাত্মক বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে যি কঠোৰ স্থিতি গ্ৰহণ কৰি ইয়াৰ বিৰুদ্ধে নীৰৱিচ্ছিন্নভাৱে অভিযান অব্যাহত ৰাখিছে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে৷ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাযাৰ্লয়ৰ অটল বিহাৰী বাজপেয়ী ভৱনত এক সংবাদ মেল সম্বোধন কৰি দলৰ মুখপাত্ৰদ্বয় সুভাষ দত্ত আৰু ৰঞ্জীৱ কুমাৰ শমাৰ্ই কয়, যোৱা পৰহি নগাঁৱত সংঘটিত হোৱা ঘটনাটোৰ উচ্ছ পযাৰ্য়ৰ তদন্ত ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো৷ মুখপাত্ৰদ্বয়ে কয়, এই ঘটনাৰ আলম লৈ একাংশ ৰাজনৈতিক ব্যক্তি বিশেষকৈ বিধায়ক অখিল গগৈয়ে কেতবোৰ মনেসজা ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত বক্তব্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শমাৰ্ক লক্ষ্য কৰি সমালোচনাৰ নামত বিশেষকৈ ড্ৰাগছ মাফিয়া, চোৰাং কাৰবাৰী, গাঞ্জা আৰু আফিং খেতি কৰা মাফিয়াক সুৰক্ষা দিয়াৰ অপচেষ্টাত লিপ্ত হৈছে৷ অখিল গগৈৰ বক্তব্যত এই সুৰ স্পষ্ট৷ কাৰণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শমাৰ্ৰ বলিষ্ঠ নেতৃত্বত ১০ মে’ৰ পৰা ১৬ জানুৱাৰীলৈকে এন ডি পি এছ NDPত্ৰ এ“ত সৰ্বমুঠ ১৯৮৫টা গোচৰ পঞ্জীভূত হোৱাৰ লগতে ৩৩৮৫জন ব্যক্তি গ্ৰেপ্তাৰ হৈছে৷ মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত অসম আৰক্ষীয়ে বৰ্তমানলৈকে ৬১.০৯১ কিলোগ্ৰাম হিৰোইন, ১৪২০৫.৯৬ কিলোগ্ৰাম গাঞ্জা, ৪৩.০৫ কিলোগ্ৰাম আফিং, ৰ, ৩৭, ৩২৪ বটল নিচাযুক্ত কফ চিৰাপ, ২৮, ৭৫, ৯৩১টা নিচাযুক্ত টেবলেট / কেপচুল, ৩.৫৬০১ কিলোগ্ৰাম মৰফিন, ৩৩১৪ কিলোগ্ৰাম Pohpy Straw কোকেইন ২৯২৬ৰ কিলোগ্ৰাম, ২১৩.৯৩ কিলোগ্ৰাম ভাঙৰ লগতে ৩.৩৭৫ কিলোগ্ৰাম অন্যান্য নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ উপৰিও নগদ ভাৰতীয় মুদ্ৰা ২২, ৬৩৫, ৬১৮ টকা, ¸ ২৭, ৯৬৫ সংখ্যক বিদেশী মুদ্ৰা আৰু ৩৬, ৮০০ সংখ্যক FICN জব্দ কৰিছে৷ অসম আৰক্ষীয়ে দায়িত্ব সহকাৰে নীৰৱিচ্ছিন্ন প্ৰচেষ্টা অব্যাহত ৰাখি প্ৰায় ৩২ বিঘা ভাং খেতি আৰু ১৫ বিঘা আফিং খেতি ধবংস কৰিছে৷ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ১৮৪খন বাহন জব্দ কৰাৰ লগতে ৩৩৮৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷ অসম আৰক্ষীয়ে এই সময়খিনিত জব্দ কৰা সামগ্ৰীৰ বজাৰ মূল্য ৩৬৩.৮৫ কোটি টকা৷ সংবাদ মেল খনত মুখপাত্ৰদ্বয়ে কয়, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছে৷ বিশেষকৈ দীৰ্ঘদিন জুৰি বিদ্ৰোহী কাৰ্যকলাপে অসমত বিশেষকৈ ১৫ আগষ্ট আৰু জানুৱাৰীত বন্ধ দি অহা আলফা [স্বাধীন] এইবাৰ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জানুৱাৰীৰ দিনা কোনোধৰণৰ বন্ধ ঘোষণা নকৰাটো এক ইতিবাচক দিশ৷ যি ভৱিষ্যতে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দিশত সহায়ক হ’ব৷ এই সিদ্ধান্তক আমি আদৰণি জনাইছো৷ এনে অৱস্থাত অখিল গগৈয়ে বিধায়কৰ দৰে এক সন্মানীয় পদত থাকি উদ্দেশ্যপ্ৰণোদিত সমালোচনাৰ যোগেদি আৰক্ষীৰ মনোবল ভঙাৰ যি অপচেষ্টাত লিপ্ত হৈছে, সেয়া আমাৰ সমাজৰ কাৰণে যথেষ্ট ক্ষতিকাৰক৷