অখিল গগৈৰ গো-সুৰক্ষা বিধেয়ক সাম্প্ৰদায়িক আখ্যা

pc-wikipedia

অখিল গগৈৰ গো-সুৰক্ষা বিধেয়ক সাম্প্ৰদায়িক আখ্যা

অনলাইন বাৰ্ত্তাসেৱা– শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অসম বিধানসভাত গৃহীত হোৱা অসম গো সুৰক্ষা বিধেয়ক ২০২১কলৈ অসমবাসী ৰাইজ, বিশেষকৈ ইছলামধৰ্মী আৰু খ্ৰীষ্টান লোকসকলৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰে। দলৰ মঠঘৰীয়াস্থ মুখ্য কাৰ্যালয়ত এখন চমু সংবাদমেল সম্বোধন কৰি এই বিধেয়কখনক লৈ তীব্র ক্ষোভ উজাৰে অখিল গগৈয়ে৷ বিধায়কগৰাকীয়ে কয় যে এই সাম্প্রদায়িক বিধেয়ক গৃহীত হোৱা দিনটো অসমৰ বাবে অতিকৈ ক’লা দিন। অসমৰ ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ গো মাংস খোৱা লোকসকলৰ প্রতি এই বিধেয়ক তথা আইনৰ দ্বাৰা বিজেপি চৰকাৰৰ সৰ্ববৃহৎ ঐতিহাসিক অন্যায়। এজন অসমীয়া আৰু হিন্দু ধৰ্মাৱলম্বী লোক হিচাপে তেওঁ এনে ঐতিহাসিক অন্যায়ৰ বাবে ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ ওচৰত লজ্জিত হৈছে। অসম বিধানসভাত এনে এখন সাম্প্রদায়িক, জাতিধ্বংসী, ভয়ংকৰ কৃষকবিৰোধী বিধেয়ক বাতিল কৰোৱাত ব্যৰ্থ হোৱাৰ বাবে অসমবাসীৰ ওচৰত পুনৰ ক্ষমা বিচাৰি অখিল গগৈয়ে কয় যে ১২৬জনীয়া বিধানসভাত ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক হিচাপে এনে বিধেয়ক বাধা দিব নোৱাৰাটো স্বাভাৱিক যদিও নিজে উপস্থিত থকা বিধানসভাত এনে এখন ভয়ংকৰ বিধেয়ক আইনত পৰিণত হোৱাটোতেই তেওঁ দুঃখিত।

 

(RT)