অকলে আছোঁ – মিছ চৰিফা বেগম নাহৰণি

PC- psychological studies

অকলে আছোঁ

অকলে আছোঁ মই
চকুত দুখন নদীলৈ
যতনে ৰাখিছোঁ পানী।
সপোনবোৰ ভঙাৰ পাছটো
নুমাই যোৱা দুটা
তৰা চকুত লৈ।
ৰৈ আছো দিখৌ ঘাটত
নাও বাই বাই এদিন
ঘূৰি অহাৰ অপেক্ষাত।
হাতত লৈ ফুৰিছে
তাহানিৰ হাহিঁ এটা
সকলোকে দেখুৱাই
পিন্ধি লৈছোঁ ওঠে।

মিছ চৰিফা বেগম
নাহৰণি