।। প্ৰত‍্যাৱৰ্তন ।। – স্বাগতা বৰুৱা গোস্বামী

PC-YESMAGAZINE

।। প্ৰত‍্যাৱৰ্তন ।।

ডিপ্ৰেচন,অৰ্থাৎ হতাশা বৰ্তমান সময়ৰ এটি ভয়াবহ শব্দ। যাৰ বলি হৈছে বেছিকৈ বৰ্তমানৰ প্ৰজন্ম। আগৰ দিনতো যে হতাশাত মানুহ ভোগা নাছিল তেনে নহয়। প্ৰখ্যাত চিত্ৰকৰৰ পৰা অভিনেত্ৰী লৈকে বহুত বিখ্যাত মানুহকো এই ৰোগত বলি হোৱা দেখা গৈছে,যদিও বৰ্তমান এই ৰো‌গত বলি হোৱা ৰোগীৰ সংখ্যা সৰ্বাধিক। ইয়াৰ বাবে দায়ী আমাৰ সমাজখন বুলি মই ভাবো। তাৰোপৰি অঘোষিত প্ৰতিযোগিতা,উচ্চাকাংশী মনোভাৱ,লবিৰ পাকচক্ৰ আদি বহুতো কাৰক ইয়াৰ বাবে দায়ী। লবিৰাজে বৰ্তমানে গোটেই খনতে ইমানেই চানি ধৰিছে যে ইয়াৰ পৰা কোনো এচাম লোকৰ বাৰুকৈয়ে লোকচান হোৱা পৰিলক্ষিত হয়।
ৰীমাৰ ঘৰখনত ৰীমাৰ আইতাক,মাক আৰু দেউতাক। তাই মনত অসীম আনন্দ। কাৰণ দেশত হৈ থকা মহামাৰী বিধৰ কাৰণে কাইলৈৰ পৰা দেশজুৰি Lockdown অৰ্থাৎ তলাবন্ধ। তাই মনত কিমান যে কল্পনা কৰিছে কাৰণ কাইলৈৰ পৰা তাই দেউতাকৰ লগত হেপাঁহ পলুৱাই খেলিব পাৰিব।
ৰীমাৰ দেউতাক অভিজিৎ গোস্বামী এটা ব্যক্তিগত কোম্পানীৰ প্ৰবন্ধক ৰূপে কৰ্মৰত। কোনো দিনেই কৰ্মত হেমাহী নকৰা অভি পুৱা ন বজাতে অন্ন এমুঠি গ্ৰহন কৰি অফিচলৈ যায় আৰু পুনৰ ৰাতি ন বা দহ বজাত আহি ঘৰ সোমাইহি।কেতিয়াবা তাতকৈ দেৰি হ’লেও কিন্তু সোনকাল হোৱা দেখা নাযায়। ৰীমাই দেউতাকক ৰাতিও নাপাই দিনতো নাপায়। ৰীমাৰ মাক মানে নীতাই ঘৰখন সুন্দৰভাৱেই পৰিচলনা কৰি লৈ যায় আৰু অভিয়ে কামৰ pressure ৰ বাবে অকনো ঘৰত সময় দিব নোৱাৰা কাৰণে তাইৰ মনত কাহানিও কোনো আক্ষেপ নাই। কিন্তু তাইৰ বেয়া লাগে অভিৰ ভাগৰুৱা শৰীৰটো দেখিলেহে,ইমান কষ্টৰ বিনিময়ত মাহৰ শেষত মালিকপক্ষই প্ৰাপ্যখিনি দিবলৈও যেন হেমাহী কৰে। যি হওঁক কালিলৈ পৰা যেনিবা মানুহজনে অলপ জিৰণি পাব। পিছদিনা ৰীমাই শুই উঠিয়েই দেউতাকক দেখি সাবতি ধৰি আনন্দত আত্মহাৰা হৈ উঠিছে। সোনকালে গা-পা ধুই,খাই বৈ লৈ সাজু হৈছে দেউতাকৰ লগত খেলিবলৈ। এইদৰেই নটা দিন বৰ সুন্দৰে অতিবাহিত হ’ল। তেনেতে মেইল আহিল এক এপ্ৰিলৰ পৰা হ’ব work from home প্ৰথমে ৰীমাই ভাবিছিল দেউতাকে অলপ সময় অফিচৰ কাম কৰি তাইৰ লগত খেলিব কিন্তু ক্ৰমাৎ কোম্পানীৰ pressure বাঢ়ি আহিছে,অভিৰ ঘৰত থাকিও যেন ভাত খাবলৈ আজৰি নাই। ৰিৰ্পট বনাই ৰাতি এটা ডেৰতাত শুবলৈ লয়। মে মাহৰ দুই তাৰিখ, তলাবন্ধ অলপ শিথিল হ’ল,কোম্পানীৰ পৰা মেইল আহিল কৰ্মচাৰী সকলৰ নামৰ,যি সকল কৰ্মচাৰী কৰ্মত যোগদান কৰিব,কিন্তু তাত নাম নাহিল অভিজিৎৰ। সেইদিনা যেন তেওঁলোকৰ পৰিয়াললৈ অমানিশা নামি আহিল কাৰণ চৰকাৰী নিৰ্দেশনা নামানি তেওঁলোকক এপ্ৰিল মাহৰ বেতন নিদিয়াকৈ কামৰ পৰা উলিয়াই দিছে।
আজিকালি অভিজিৎৰ যেন একোটে মন নবহা হৈছে। ৰীমাৰ লগত খেলিবলৈও যেন অনিহা। ৰাতি হ’লে নোশুৱা হৈছে। নীতাই কথাটো মন কৰিছে যদিও অভিক একো কোৱা নাই। কিন্তু হঠাৎ সেইদিনা বিচনা পাৰোতে তুলিৰ তলত কেইটামান ঔষধ পালে। কিহৰ ঔষধ ভাবি নাপায় নেটত চাৰ্চ মাৰিলে,দেখি চকু থৰ হৈ ৰ’ল। এইটো দেখোন টোপনি অহা ঔষধ। যিটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। তাই নিৰুপাই হৈ এজন মনোৰোগ বিশেষজ্ঞৰ ফ’ন নম্বৰ নেটৰ পৰা উলিয়াই তেখেতৰ লগত কথা পাতিলে।তেখেতৰ পৰাৰ্মশ মতেই নীতাই অভিৰ লগত সময় কটাবলৈ লৈছে। বহুত সময়ত যত্নও কৰিছে তেখেতে সন্মুখিন হৈ থকা সমস্যাবোৰৰ পৰা আতঁৰাই আনিবলৈ। তাই অভিক ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছে।
অপ্ৰিয় সত্য যে দূৰৰ পাহাৰ দেখিবলৈ যেনেদৰে ধুনিয়া,কিছুমান ব্যক্তিগত কোম্পানীত চাকৰি কৰাতোও ঠিক তেনেকুৱাই। জৰিত নোহোৱালৈকে গম পোৱা নাযায় ভিতৰৰ তিতা মিঠা বোৰ। কিন্তু তেনে ধৰনৰ কোম্পানিত নিজকে সমৰ্পিত কৰাতকৈ সেই সময় খিনি যদি আমি নিজৰ বাবে খৰছ কৰো নিশ্চয় আৰু বেছি উপকৃত হ’ম। তাই অভিক কাষৰে গাওঁখনৰ এঘৰৰ পৰা এহাল ছাগলী আনি দিছে আৰু কৈছে আজিৰ পৰা ইহঁতৰ দায়িত্ব তোমাক দিলো। প্ৰথমে অভিয়ে নঞৰ্থক মনোভাৱ প্ৰকাশ কৰিছিল যদিও নীতাৰ সাহসত সি তাহাতক চম্ভালিবলৈ আগবাঢ়িল। ঘৰতে থকা মাটি ডৰাতো বিভিন্ন শাক-পাচলিৰ খেতি কৰিছে। সদায় তেওঁলোকৰ ঘৰত মাছ দিবলৈ অহা বেপাৰীজনৰ লগত কথা পাতি পুখুৰীতো পোনা দিয়াৰ ব্যৱস্থা কৰিছে। মুঠতে নীতাই কোনো সুৰুঙা এৰি দিয়া নাই অভিক হতাশাৰ মাজৰ পৰা উলিয়াই আনি সদা ব্যস্ত কৰি ৰাখিবলৈ। লাহে লাহে নীতাই দেখিছে অভিও ক্ৰমান্বয়ে এইবোৰৰ মাজত সোমাই পৰিছে। ৰঙা,নীলা আৰু সেউজীয়া ৰংবোৰক পুনৰ ভাল পাবলৈ শিকিছে। ৰীমাৰ লগতো বহুতখিনি সময় খেলি-ধূলি পাৰ কৰিবলৈ লৈছে।
তাকে দেখি নীতাৰ দূধাৰী চকুলো বৈ আহিছে আৰু মনতে নেদেখাজনক শতকোটি প্ৰণাম জনাইছে।
আজি অভিৰ দৰে হাজাৰজন এই হতাশাত ভূগিব পাৰে কিন্তু সেইসকলৰ পৰিয়াললৈ কাতৰ অনুৰোধ ফুলি থকা ফুলপাহক চকুৰ আগত মৰহিবলৈ নিদিব। মৰহাৰ কাৰণ লক্ষ্য কৰক আৰু তেওঁলোকৰ সৈতে সময় কতাবলৈ লওঁক আৰু প্ৰয়োজনত চিকিৎসকৰ কাষ চাপক‌। ভগবান সৃষ্ট সুন্দৰ পৃথিৱীখন নিজেও উপভোগ কৰক আৰু আনকো উপভোগ কৰিবলৈ প্ৰেৰণা দিয়ক। আমি অতি বেচি কঠিন সময় এটাৰ মাজেৰে গতি কৰিছো,এই কণ সময়ত মানবীয় প্ৰমূল্যবোধক সণ্মান কৰি এজনে আনজনৰ পথ প্ৰদৰ্শক হৈ তথা সহায়ৰ হাত আগবঢ়ায় সচেতন নাগৰিক হিচাপে সমাজ খনক আগুৱাই নিয়াতো খুবেই প্ৰয়োজন।

#এক সত্য ঘটনাৰ আলমত

 

স্বাগতা বৰুৱা গোস্বামী