ৰমজানৰ ৰোজা  – লখিমী শৰ্মা 

  ৰমজানৰ ৰোজা 
লখিমী শৰ্মা 
 যোৰহাট 
জীৱনটোক পাপমুক্ত
কৰিবৰ বাবে এক চেষ্টা
মহান আল্লাহই
 পূণ্যভাৱে দিছে ত্ৰিশ ৰোজা ,
ত্ৰিশ ৰোজাৰ ত্ৰিশ ফৰয
শুনে মুমিন বান্দা ,
কোৰান পঢ়ে , নামাজ পঢ়ে
ৰাখে এমাহ যোৰা ৰোজা !
কান্ধৰ পৰা সৰি পৰিব , নামি যাব
পাপৰ সকলো বোজা ।
বিধান মানি পালন কৰে
পৱিত্ৰ মাহৰ ৰমজানৰ ৰোজা
মহান আল্লাহৰ মহান দান
 পৱিত্ৰ এই ৰমজান ,
যিমান পাৰা সিমান গোৱা
 আল্লাহৰ গুণ – গান
ৰমজান মাহ পৱিত্ৰ মাহ
 ৰাখিবা ৰোজা ,
নামাজ পঢ়ি কৰিব দোৱা
কমিব পাপৰ বোজা ।
আৰবী মাহৰ নৱম মাহ এই ৰমজান
ধনীয়ে দুখীয়াক
যিমান পাৰা কৰিবা দান ।
পুৱতি নিশা নিতৌ উঠি
খাবা চেহেৰী ,
গোটেই দিন লঘোনে থাকি
হ’বা ৰোজাদাৰী !
লোভ – মোহ সকলো এৰি
ৰোজা ৰাখিবা
ধৈৰ্য ধৰি কু – কৰ্ম এৰি
সংযমী হ’বা ।
সন্ধিয়া সময়ত কৰিবা ইফতাৰ
মগৰিবৰ আজান শুনি
এইদৰে সবেই থাকিবা পালি
ৰোজা একোটি ।।।