ৰূপজ্যোতি কুৰ্মীৰ আচৰণ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

Pc Wikipedia

ৰূপজ্যোতি কুৰ্মীৰ আচৰণ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া
সদনৰ গৰিমা হ্ৰাস কৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা খোজক মুখ্যমন্ত্ৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- “অসম বিধানসভাৰ মজিয়াত আজি বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা আচৰণে অসমৰ জনসাধাৰণক ব্যথিত কৰিছে। বিধানসভাৰ মজিয়াখন ৰাইজৰ আশা-ভৰষাৰ থল। সেইখন নিশ্চয় মল্লযুঁজৰ থলি নহয়। কিন্তু বিধায়কগৰাকীয়ে চোলাৰ আস্তিন কোঁচাই আন বিধায়কৰ ওচৰলৈ চোঁচা লৈ যোৱাটো গণতান্ত্ৰিকতো নহয়েই, বৰং সেয়া গুণ্ডাৰাজ মানসিকতাৰ প্ৰতিফলন। এটা সময়ত এনে ধৰণৰ ঘটনা বিহাৰ-উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত সংঘটিত হোৱা আমি দেখিছিলো। হিমন্ত বিশ্ব শৰ্মাৰ সৌজন্যত সেই ৰাজনীতি এতিয়া অসম বিধান সভাৰ মজিয়াত দেখা পোৱা গৈছে। এয়া দুৰ্ভাগ্যজনক।” – বক্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ।এক বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণ সন্দৰ্ভত জাতীয় পৰিষদৰ নেতাদ্বয়ে লগতে কয়, “বিধান সভাৰ নেতা হৈছে মুখ্যমন্ত্ৰী। যেতিয়া স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিধান সভাত অগণতান্ত্ৰিক আৰু তৰল বক্তব্যৰে সদনৰ গুৰুত্ব হ্ৰাস কৰাৰ পৰিৱেশ ৰচনা কৰাত আগৰণুৱা হৈ থাকে, গতিকে তেখেতৰ দলৰ বিধায়কে তেনে ব্যৱহাৰ কৰাটো অস্বাভাৱিক নহয়।”এনে পটভূমিত সদনৰ গৰিমা হ্ৰাস কৰি জনসাধাৰণক আশাহত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে।