ৰুমাল
লখিমী শৰ্মা, যোৰহাট
আত্মঘাতী হ’বলৈ যিমানখিনি অবিশ্বাস লাগে,
ঠিক সিমানখিনি বিশ্বাস নাথাকিলে আপোনপাহৰা হৈ জীয়াই থাকিবও নোৱাৰি ।
তথাপিও কওঁ ।
তুমি অকলশৰীয়া নহয় কাঞ্চন।
আন বহুতৰে বিশ্বাসৰ তৰাং নৈত চাপৰি পৰে…
স্পৰ্শকাতৰ থিয় গৰাত অস্থিৰ জীৱন,
ওলমি ৰয় বিপদসংকুল ধাতৱ শংকুৰ দৰে ।
জানা কাঞ্চন , মনটোও তোমাৰ পাঁজি আঙুলিত নচা ফুলবেজীটোৰ দৰেই…
আগত ভাগিলে যহন – তহন,
গুৰিত ভাগিলে লেঠা ।
থাকিলেও নেছানেছে ৰঙীন সূতা , গুৰি ভাগিলেনো কেনেকৈ সীবা ।
হেঁপাহৰ ৰুমালত , কেনেকৈ তুলিবা থুপি – থুপি গুটিফুল ।
কাৰোবাৰ বুকুত বিশ্বাসৰ বীজ সিঁচিলেও সঁচ উদং কৰি নিসিঁচিবা ।
ভঁৰাল ভৰাব পৰাকৈ নহ’লেও খাই বৈ জীয়াই থাকিব পৰাকৈ কিছু সঁচ ৰাখিবা আছুতীয়াকৈ ।
তুমিটো জানাই কাঞ্চন ।
মনৰ উত্তাপত ঘাম সৰাৰ কথা…
আৰু মনৰ জাৰত সৰা চকুলোৰ বেথা….
কাকো নযচাকৈ এখন ৰুমাল
নিজলৈ যতনাই থ’বা ।
আজিকালি একো ঠিক নাই ।
জাৰো নামিব পাৰে , জহো আহিব পাৰে ।
জীৱন পৰায়ণ হৈ তুমি আগবাঢ়ি যাব লাগিবই ।
যাত্ৰা শুভ হওঁক ।
অকলশৰীয়া বুলি ভয় নকৰিবা কাঞ্চন ।
তোমাৰ ছাঁ একান্ত বিশ্বাসী সহচৰ ।
আগবাঢ়া ….