ৰুক্মণীনগৰত বিহু কৰ্মশালা

pc Northeast Now

ৰুক্মণীনগৰত বিহু কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা-  বাপোতিসাহোন বিহুটিক আদৰিবলৈ মহানগৰীতো চলিছে ব্যাপক প্ৰস্তুতি।আয়োজিত হৈছে মহানগৰীৰ ভিন্ন প্ৰান্তত বিহু কৰ্মশালা।বিহু শিল্পী সংস্থা,অসম কামৰূপ মহানগৰ জিলাৰ উদ্যোগত তথা বৃহত্তৰ ৰুক্মিণীনগৰ বিহু সন্মিলনীৰ সহযোগত আয়োজিত মহানগৰীৰ ৰুক্মিণীনগৰতো আয়োজিত হয় এখন বৰ্ণাঢ্য কৰ্মশালা।২৩-২৭ মাৰ্চত অনুষ্ঠিত এই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিহু সম্ৰাজ্ঞী দেবাংগনা চুতীয়া।আনহাতে  প্ৰশিক্ষক ৰূপে উপস্থিত থাকে বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈ,বিশিষ্ট শিল্পী বিমান বৰুৱা,বিহু সম্ৰাট ড°ৰূপা ডেকা পাটৰ,জ্যোতিকা বৰ্মণ ,লিমি  ডেকা আৰু জ্যোতিকা বৰ্মন।কৰ্মশালাত প্ৰায় ৫০০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।